(১৭)
পৰকালতো তাৰপুৰস্কাৰ পাবা, কিন্তু যদি ইয়াত অসৎ কৰ্ম্ম
কৰা তত তাৰ প্ৰতিফল পাবা।
যি বোৰ লৰা চোৱালীয়ে পুথিত মন দিয়ে সিহঁতে সক- লোৰে প্ৰশংসা পাব, কিন্তু যাৰ মন পুথিত নাই সি চেকনিহে পাব। জ্ঞানি লৰাই পঢ়িবলৈ ভাল পায়, কিন্তু অজ্ঞানৰ ধৈমালিতহে মন থাকে, আৰু সেই নিমিত্তে মাৰ খায়। ময় তোমাক ডবিয়ালে আরু তোমাৰ দোষৰ কথা কলে মোক নিৰ্ম্মৰমিয়াল হেন নেভাবি আগলৈ ভাল হবৰ পূরুষাৰ্থ কৰিবা।
আলাহিয়া হৈ তোমাৰ সময় নষ্ট নকৰিবা, কিয়নো তেনে হলে তোমাৰ বৰ অপকাৰ হব এতেকে এলাহক গাৰ বলেৰে খেদি পঠো্ৱা।
মিচা কথা কেতিয়াও নকবা, চোৰ নকৰিবা, আরু অকাৰণত শপথ নেখাবা, কিয়নো এই বোৰ কথা ঈশ্বৰে ভাল নেপায়।
ঈশ্বৰৰ আজ্ঞা পালন কৰিবলৈ অতি পুরুষাৰ্থ কৰা, তোমাৰ মনে সৈতে ঈশ্বৰক ভয় কৰা কিয়নো তেঁওৰ বিধি বোৰ ন্যায় আৰু আন একো বিধি তেঁওৰ বোৰৰ সমান নহয়। যি বোৰে পাপক ভাল পাই, তাহাঁতৰ খোজত ভৰি
নিদিবা, এতেকে ঈশ্বৰে তোমাক মৰম কৰিব, সকলো দোষৰ পৰা ৰক্ষা কৰিব, আৰু তোমাক অনন্ত সুখ দিব।
গ