পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১৫)

 ভাল লৰা চোৱালীক সকলো ৱে চেনেহ কৰে, কিন্তু বেয়াক কেৱে ভাল নেপাই আরু বেথাও নকৰে। আলাহিয়া বা অসৎ লৰাই সৈতে সঙ্গ ন কৰিবা, কিয়নো তেনে লৰাই সৈতে ফুৰিলে ভালেমান দুগুণ হয়।

 খাওতে সোঁওতে সকলো কৰ্ম্মতে ঈশ্বৰক চিন্তিবা আৰু প্ৰাৰ্থনা কৰিবা, ঈশ্বৰক ভয় কৰিবা, আৰু তেঁওৰ আজ্ঞা পালন কৰিবা; যোনে তঁওক ভয় কৰে তাক তেঁও মৰম কৰে আরু তাৰ ভাল কৰে, কিন্তু যোনে তেঁওক ভয় নকৰে তাক মৰম নকৰে আরু সেই দেখি সি বিপদত পৰে সকলো জ্ঞানী মানুহে ঈশ্বৰক ভয় কৰে।

 ঈশ্বৰ আতি জ্ঞানী আৰু ন্যাহ্য, তেঁওৰ বাট সু, আরু যি তেওৰ বাটেৰে যায় সিও সুহব। সকলো মানুহ নিশ্চয়কৈ এবেলি মৰিব, সেই দেখি যি কেই দিন জীয়াই থাকা সেই কেই দিন সৎ হৈ থাকিবা, আরু তোমাৰ প্ৰভু পৰ- মেশ্বৰক এটাই চিত্ত আৰু মনেৰে প্ৰেম কৰা। তাৰ পৰা যেন তুমি মৰিলেও তেঁও তোমাক সুখ আরু শান্তি দিয়ে।

 ধেমালিত কৈ তোমাৰ পুথিক ভাল পাবা,কিয়নো যি লৰাই পথিক ভাল পাই ভালকৈ পঢ়িবলৈ পুরুষাৰ্থ কৰে সি শেষত জ্ঞানী হব। কিন্তু যি ধেমালিক হে বৰ ভাল পাই সি নমৰে মানলৈকে দুখিয়া হৈ থাকিব।

 যি ভাল লৰা হয় সি সদাই ধেমালি নকৰি পুথিৰ প্ৰতি মনদিয়ে; সি ঈশ্বৰক আরু সকলো ভাল মানুহক প্ৰেম