ভাঙ্গিলত চাউনিলৈ নিয়া হল, তাতে তেজগৈহ বৰ পিয়াহ লাগিলত খাবলৈ পানি খুজিলে তাকে আনিলত তেঁও বাটিৰে খাবলৈ মুখত লোৱাত আরু গুলি খোৱা এজন চিপাহি সেই পিনে নিয়া হলত সি পানিৰ বাটি দেখি অভিলাষ কৰিলে তাতে চিদ্নিয়ে আপোনাৰ মুখৰ পৰা বাটি নি সেই চিপাহিক দি কলে বোলে মোতকৈ তোমাৰ অভাব হে বঢ়া।
CONCLUSION.
সমাপ্তি।
হে প্ৰিয় লৰা বিলাক, তোমোলাকে এই পুথি পঢ়ি নানা বিদ্যা বিষয়ক কথা জানিলা। কিন্তু অকল পঢ়িলা বুলি সন্তোষ হৈ নাথাকিবা কিন্তু যি পঢ়িলা তাক কেতিয়াও নাপাহৰিবলৈ পুরুষাৰ্থ কৰিবা। পই পুথি পঢ়ি তোমোলাকে যি উপদেশ পাইছা সেই বোৰ শুনি থাকি লেই নহয় কিন্তু তোমোলাকৰ সকলো কথাতে সেই উপদেশ মনত কৰি কৰ্ম্ম কৰিবা হে মোৰ প্ৰিয় সরু মিত্ৰটি হঁত, সম্প্ৰতি আমি তোমোলাকত বিদায় হলোঁ ঈশ্বৰে তোমোলাকক আশীৰ্ব্বাদ কৰক তোমোলাকে আকৌ এই ৰূপৰ পুথি পঢ়ি বলৈ পাবা তাৰ পৰা অনেক লাভ আরু উপকাৰ হব ইতি।
সমাপ্তোয়ং কাণ্ড।