(২১৫ )
থাকে সি এনেকৈ ভাবি থাকোঁতেই মৰিব পাৰে আরু অল্পকালত মিচা ভৰষাৰ সলনি শোক কৰে।
আমি অতি মৰমিয়াল হৈ আনৰ দোষাদোষ চাব পাঁও কিন্তু আপোনাৰ দোষ বিচাৰোঁতে অতি দৃঢ় হব পাওঁ।
অপকাৰৰ নিমিত্তে প্ৰতি উপকাৰ কৰাৰ সমান প্ৰতি হিংসা নাই।
অপকাৰৰ নিমিত্তে প্ৰতি হিংসা কৰিলে শত্ৰুৰ সমান হয় কিন্তু ক্ষমা কৰিলে শত্ৰুতকৈ ডাঙ্গৰ হয়।
ঈশ্বৰ সকলোতকৈ দয়ালু তেঁও আমাৰ পিতৃ আমি সৎ কৰ্ম্ম কৰিলে তেঁও ভাল পায় আরু অকৰ্ম্ম কৰিলে বেয়া এতেকে আমি তেঁওক বৰ প্ৰেম কৰিব পাঁও।
দুখিয়া মানুহে তোমাৰ সহায় খুজিলে তাক আপমান নকৰিবা সিবিলাকৰ কামনা যদি সিদ্ধি কৰিব নোৱাৰা তেন্তে নম্ৰহৈ নোৱাৰোঁ বুলিবা তোমাৰ দুখিয়ালৈ মৰম লাগিলে তাক প্ৰকাশ কৰিবলৈ লাজ নকৰিবা।
তোমাৰ পিতৃ মাতৃৰ হিত পৰামৰ্শ শুনিবা আরু সিবিলাকৰ উপদেশ মনত সাঁচি থবা। সিবিলাকৰ বয়সক মান্য কৰিবা আরু সিবিলাকৰ সঙ্গৰ পৰা যি লাভ হয় তাক কৃতজ্ঞহৈ ভোগ কৰিবা; এক সৎ লৰাই তেওৰ অতি চেনেহৰ পিতৃ মৰাত বৰকৈ বিলাপ কৰাত তেঁওৰ মিত্ৰ বিলাকে এই বুলি সান্তনা কৰিকলে, বোলে, তোমাৰ পিতৃক তুমি সদাই মান্য
ল