( ২০৯ )
গল। খ্ৰীষ্টীয়ানে এই২ কথা মানে বোলে ৰূম নগৰৰ ৭৫৩
সনত অৰ্থাৎ ১৮৪৬ বচৰ হৈচে ৰোম ৰাজ্যৰ পাত্চা আগ
স্টচৰ দিনত পৃথিবীৰ সকলে সুখী হৈ কাল যাপন কৰিচিল;
এনেতে ঈশ্বৰে তেঁওৰ পুতেক যিশুখ্ৰীষ্টক মনুষ্যলৈ পূৰ্ব্বৰ
ধৰ্ম্ম বিলাকতকৈও এক নিৰ্মল আরু পবিত্ৰ ধৰ্ম্ম প্ৰকাশ
কৰিবলৈ পঠি্য়ালে। য়িশুখীষ্ট য়িহুদা দেশৰ বৈথলিহিম
নগৰত হেৰোড ৰজাৰ দিনত উপজিচিল, তেঁওৰ মাক
মৰিয়ম কুমাৰী আছিল। তেঁও উপজিলত যিরুসালমৰ
পূৰ্ব্ব দেশৰ পৰা জ্ঞানী মানুহ তৰা এটাৰ দ্বাৰা বাট চিনি
তেঁওক সেৱা কৰিবলৈ আহি সোন ধুনা ইত্যাদি দান দিলে।
পিচে হেৰোড ৰজাই দুবচৰত কৈ সরু সকলো বোৰ লৰাক
মাৰিবলৈ আজ্ঞা দিলত তাৰ পৰা ৰক্ষা পাবলৈ য়িশুখ্ৰীষ্টক
লৈ তেঁওৰ মাক মিচৰ দেশলৈ পলাই গৈ তাতে হেৰোড
নমৰালৈকে থাকি সি মৰিলত আকৌ য়িহুদা দেশলৈ আহি
গালিলিৰ নাজেৰেথ নগৰত ৰলহি। য়িশুখ্ৰীষ্ট ৩০ বচৰ বয়সি
য়াল হলত তেঁওৰ ধৰ্ম্ম প্ৰকাশ কৰিবলৈ অৰ্থাৎ মনুষ্য সকলক
ঈশ্বৰে সৈতে মিলাই ক্ষমা কৰি পৰিত্ৰাণ কৰিবলৈ আৰম্ভ
কৰিলে। তেঁও সকলোকে ভাল কৰি ফুৰি মানুহ বিলাকক
উপদেশ দি মন পালটাবলৈ আরু অনিত্য বস্তুৰ পৰা নিত্য
বস্তুত মন দিবলৈ সিকালে। তেঁওৰ কথা সাব্যস্ত কৰিবলৈ
তেঁও অনেক অদ্ভূত কৰ্ম্ম অৰ্থাৎ নৰিয়া ভাল কৰা, কনাক
চকুদিয়া, খোৰাক খোজ কাঢ়িব পৰা কৰা, মৰাক জিওৱা,