( ১৯৭ )
হতুৱাই কটালে, কিন্তু তেঁও বুঢ়াগোহাঁঞি নাহি ব্ৰজনাথ
গোহাঁই দেৱে সৈতে সসৈন্যে উজাই গৈ চন্দ্ৰকান্ত স্বৰ্গ
দেৱক ভাঙ্গি পুৰন্দৰসিংহ স্বৰ্গ দেৱক ৰজা পাতি সেৱা
কৰিলে। এই কথা মানৰ ৰজাই শুনি ৩০০০০ সৈন্যৰে
আলুঙ্গ মিঙ্গি বৰ গোহাঁঞিক পঠিয়াই চন্দ্ৰকান্ত স্বৰ্গদেৱক
আকৌ ৰজা পাতিলে পুৰন্দৰসিংহ স্বৰ্গদেও চিলমাৰিলৈ
ভাগিগল। পিচে খেৰেমিয়লে কচাৰিৰ পতাল বৰবৰুয়াই জয়
পুৰত কোঁঠ্ পাতি মানেৰে ৰণ কৰিবৰ মনস্থে থকাত মান
ৰজাই স্বৰ্গদেৱলৈ (চন্দ্ৰকান্তসিংহ) ৰাজযোগ্য অলঙ্কাৰ
দি সঁজাতি ফুকনে সৈতে মিঙ্গি মাহাতিলোৱাক পঠো্ৱাত
সিহঁতে বৰ বরুৱাৰ প্ৰাৰম্ভ দেখি তাক চল কৈ মাৰিলে, তাতে
স্বৰ্গদেৱে মান অমিল ৰূপে আহিছে বুলি বুঢ়াগোহাঁঞিক
ৰণ কৰিবলৈ আজ্ঞা দি গুৱাহাটিলৈ ভটিয়াই গল। উজ
নিত মানে ৰণ জিকি বুঢ়া গোহাঁঞিক বন্দি কৰি মিল ৰূপে স্বৰ্গ
দেৱলৈ কটকি পঠা্লে, ন হাত, ৰণহল, ৰণত ঠা্ৱৰিব নোৱা
ৰি গুয়াহাটিৰ পৰা ভাগিগল পাচে মিঙ্গি মহাতিলোৱাই
স্বৰ্গদেৱত নিৰাশা হৈ মান ৰজালৈ দিয়া কুঁৱৰিৰ ভায়েক
জোগেশ্বৰ সিংহক লোক দৰ্শক ৰূপে ৰজা নাম দি ১৭৪৩
শঁকৰ পৰা নিজে ৰাজত্ব কৰিব লাগিলে শেষত চন্দ্ৰকান্ত
সিংহ স্বৰ্গদেৱে সৈন্য লৈ হাদিৰা চকিৰ পৰা গুয়াহাটি আক্ৰ
মণ কৰি ক্ৰমে উজাই মানেৰে জিকি মহগৰ পালে; মানৰো
দেশৰ পৰা অনেক সৈন্যেৰে মিঙ্গি মহা বান্দুলা বৰ গোহাঁঞি