( ১৯৫ )
ঘৈনিয়েকক ৰাধা রুক্মিনী নাম দি তাইয়ে সৈতে বৰ জনা গোহাঁই দেৱক আগত লৈ সকলো মোৱামৰিয়াই গোট খাই স্বৰ্গদেৱক ৰজা ভাঙ্গি বন্দি কৰি থৈ সিহঁতৰে খোৰাৰ পূতেক ৰমাকান্তক ৰজা পাতিলে। পিচে স্বৰ্গদেৱে সকলোৰে আলচি সেই শঁকৰে চতৰ বিহুত ৰাঘ খোৰা আরু ৰমাকান্তক মাৰি নগৰ ললে। লক্ষ্মীসিংহ স্বৰ্গদেও স্বৰ্গি হলত তেঁওৰ পুতেক গৌৰিনাথ সিংহ ৰজা হল; এঁওৰ দিনতে
পূৰ্ব্ব শত্ৰু মোৱামৰিয়াই আকৌ ১৭০৯ শঁকৰ মাঘ মাহত ৰণ কৰি ৰঙ্গপুৰ নগৰত ভৰথি মৰানক ৰজা পাতিলে, তাতে স্বৰ্গদেও নগাঁও গুয়াহাটিলৈকে ভাগি আহি শ্ৰীযুত কম্পানি বাহাদুৰত সহায় খোজাত কাপ্তান (ওৱেল্চওয়ালিচ) সাহেব সৈন্য লৈ আহি মোৱামৰিয়াক জিনি স্বৰ্গদেৱক ৰাজধানিত থৈ গল। এই মোৱামৰিয়াৰ উপদ্ৰৱত এই দেশৰ অসংখ্য মানুহ নষ্ট হল, আরু তেতিয়াৰে পৰা অসম দেশ জন শূন্য অৰণ্যৰ নিচিনা হল আরু ৰজাও দুৰ্ব্বল আরু নিৰ্ধন হল;কিন্তু মোৱামৰিয়াৰ উপদ্ৰৱত দেশ গোটেই নষ্ট হোৱা নাচিল, বৰঞ্চ পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙ্গৰিয়াই ভগা দেশ ভাল কৰিবলৈ অনেক যতন কৰি প্ৰজাক সুখী কৰিলে,পিচে মানৰ বিগ্ৰহত হে একে বেলিয়েই ধ্বংশ হল আরু ৰজা প্ৰজা উপান্ত হৈ অৱশেষত অসম ৰজাৰ ৰাজত্ব ভ্ৰষ্ট হল।
গৌৰিনাথ সিংহ, ৰজাৰ পৰলোক হলত কমলেশ্বৰ সিংহ ৰজা হল, তেঁওৰ মৰণান্তে চন্দ্ৰকান্ত সিংহ স্বৰ্গদেও ১৭৩২