( ১৯২ )
পিঠ, ৰত্ন পিঠ, স্বৰ্ণ পিঠ, আরু সৌমাৰ পিঠ। এই কাম
ৰূপত পূৰ্ব্বৰে পৰা অনেক ৰাজ বংশে ৰাজত্ব কৰি আহিচে।
সকলোৰে আদিতে মহীৰঙ্গ দানৱ ৰজা আচিল, তেঁওৰ
পিচত তেঁওৰ বংশৰে চাৰি জনা ৰজা হলত নৰকাসুৰ,
ভোগদত্ত প্ৰভৃতি ৰজা হৈ থাকে আরু নৰকৰ বংশৰে অনেক
ৰজা হৈ কামৰূপ ক্ৰমে শাসন কৰে। নৰক বংশৰ পিচত
ক্ষেত্ৰিয় বংশ, তাৰ পিচত ব্ৰহ্মপুত্ৰৰ বংশ, তাৰ পিচত বাৰ
ভুঁয়া, তাৰ পিচে মুষলমান বংশ ক্ৰমে ৰাজত্ব কৰে। শেষত
শিৱবংশীয় বিশ্বসিংহ আৰু নৰনাৰায়ণ ক্ৰমে ৰজা হয়।
নৰনাৰায়ণ ৰজা অপুত্ৰক আচিল তন্নিমিত্তে যুবৰাজ চিলা
ৰায়ৰ পুতেক ৰঘুদেৱক তোলনিয়া পুত্ৰ কৰি ৰাখিলে, কিন্তু
এনেতে তেঁওৰৰ লক্ষ্মীনাৰায়ণ নামে পুত্ৰ জন্মিলত তেঁওৰ
ৰাজ্য দুইকো ভগাই দিলে। পিচে তেঁওৰ মৰণান্তে দুইও
ৰজাই দন্দ কৰিব ধৰিলে, পিচে ৰঘুদেৱৰ পুতেক পৰীক্ষিত
নাৰায়ণেও সেই রুপে বিবাদ কৰাত লক্ষ্মীনাৰায়ণে আৰঙ্গ
জেব পাতচাৰ তাত আশ্ৰয় লোৱাত তেঁও সেনাপঠাই পৰী
ক্ষিতক ধৰোৱাত তেঁওৰ ভায়েক বলিত নাৰায়ণে ইন্দ্ৰবংশীয়
স্বৰ্গদেও সকলৰ শৰণাগত হোৱাত তেতিয়াৰে পৰা কামৰূপ
ইন্দ্ৰবংশীয় অসম ৰজা সকলৰ অধিকাৰ হল।
উজনিতো বাৰ ভুঁয়াৰ অধিকাৰৰ পৰা নানা মণ্ডলে ভাগ হৈ আচিল, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে উত্তৰ পূৰ্ব্ব কোণৰ সদিয়াৰ পিনে চুটিয়া ৰজাৰ অধীন আচিল, তাৰ ওচৰতে