পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/২০১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৯০ )


হাটীৰ পৰা উজাই জোৱাত জোৰহাটতে আকৌ ৰাজধানী থাকিল। পুৰন্দৰ সিংহ স্বৰ্গদেৱো এই নগৰকে ইংৰাজৰ দিনতো ৰাজধানী কৰিছিল। কাপ্তান নিউবিল সাহাবে ৰঙ্গপুৰৰ পৰা জিলা জোৰহাটলৈ নিচিল কিন্তু এতিয়া তাৰে পৰা গুচি ৰঙ্গপুৰৰ সিপাৰে শিৱসাগৰত হৈচে। এই জিলাৰ, প্ৰধান নদী দিচৈ, দিখৌ, বৰিদিহিং ইত্যাদি সিব পুৰ জিলাত ৫০ খন টাঙ্গনি আচে সেই টাঙ্গনিক মৌজা কৰি ভাগ কৰিচে।

 লক্ষ্মীপুৰ জিলাৰ পূবে দিহ্ং নদী, পশ্চিমে কবিজান, উত্তৰে আবৰ, মিৰি আরু ডফলাৰ পৰ্ব্বত, দক্ষিণে লুইত। এই জিলাক উত্তৰা দক্ষিণাকৈ সোবনসিৰি নদিয়ে দুভাগ কৰিচে পূৰ্ব্ব ডোখৰত চিচি, ধমাজি বৰদলনি, ঢকুৱাখনা; আৰু পশ্চিম ডোখৰত লক্ষ্মীপুৰ, বাঁহকটা চয়দুৱাৰ, আরু মিৰি মহল, এই কেই খন মহল আচে। এই জিলাৰ প্ৰধান সোবনসিৰি নদী সি ব্ৰহ্মপুত্ৰত মাজুলিৰ গুৰিত পৰিচে।

 সদিয়া জিলাৰ উত্তৰ পূৰ্ব্ব আরু দক্ষিণে আবৰ, খামতি, মিচিমি, চিকৌ নগাৰ পৰ্ব্বত; আৰু পশ্চিমে শিবপুৰ আরু লক্ষ্মীপুৰ জিলাৰ পৰা দিহং ব্ৰহ্মপুত্ৰ বৰীদিহিং আরু নামচং নদীৰে ভাগ হৈচে। অসম দেশৰ বুৰঞ্জিক চাৰি ভাগ কৰা জাই। প্ৰথম অসম ৰজাৰ অধিকাৰ হোৱাৰ পূৰ্ব্বৰ যি ৰজা হৈ গৈচে তাৰ কথা দ্বিতীয় অসম ৰজা বিলাকৰ পৰা মানে দেশ লোৱালৈকে, তৃতীয় মানৰ অধি