পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৮ )


 সকলোকে প্ৰেম কৰা, কেত বোৰক মৰম কৰা, কিন্তু কাকে ঘৃণা ন কৰিবা।

 মনে২ থাকিবা, নাইবা ভাল কথা কবা।

 যি কৰ্ম্ম, এৱেলিত বাজে দুবেলি কৰিব নোৱৰা তাক কৰোঁতে ভালকৈ গমি চাবা।

 সরু থাকোঁতে, সাঁচিবা, ডাঙ্গৰ হলে ব্যয় কৰিবা।

 আনৰ গুণক বিচাৰিবা, কিন্তু আপোনাৰ দোষ বিচাৰিবা।

 সকলো কৰ্ম্মকে একে বেলিয়ে এনেকৈ কৰিবা যে তাক যেন দুবেলি কৰিব নালাগে।

 আলাহ সকলো দোষৰে মূল।

 এক আখাৰ মিচাক সঁচা কৰিবৰ নিমিত্তে আরু একুৰি মিচা কব লাগে।

 আনৰ দোষ দেখি জ্ঞানি মানুহে আপোনাৰ দোষ গুচাই।

 সকলো দোষকে শ্ৰম আৰু পুৰুষাৰ্থেৰে গুচাব পাৰি।

 ঈশ্বৰক কেতিয়াও নাপাহৰিবা আরু সদাই আৰাধনা কৰিবা।

ANECDOTE OF A CHARITABLE WOMAN.

দানশীল তিৰোতাৰ আখ্যান।

 কোনো সময়ত্‌ এক ৰজাই তেঁওৰ ৰাজ্যৰ প্ৰজা সকলক এই আজ্ঞা দিলে বোলে তঁহতৰ ভিতৰৰ যোনে মগনিয়াৰক ভিক্ষা দিয় তাৰ হাত ময় নিশ্চয়কৈ কাটিম, এই নিমিত্তে