পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৯৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৮৪ )


বাটে ভাৰতবৰ্ষলৈ অহাৰ আদি এই। আরু মনুষ্যে কৰা সকলো কৰ্ম্মৰ ভিতৰত এই এটা আচৰিত। তাৰ পিচৎ পোৰ্ত্তুগীচ্‌ বিলাক আরু আন২ জাতি বোৰ সেই বাটেৰে অহা জোৱা কৰি ভাৰতৰৰ্ষৰ লোকে সৈতে বৰ বাণিজ্য কৰিব ধৰিলে আরু মিচৰ দেশেৰে অহা জোৱা গুচিল। পিচে পোৰ্ত্তুগলৰ মানুহ বিলাকে ভাৰতবৰ্ষৰ ঠা্ই‌য়ে২ কুঠি্‌ কৰি ভাৰতবৰ্ষত হোৱা দ্ৰব্যেৰে বেপাৰ কৰি অনেক লাভ পালে আরু বৰ পৰাক্ৰমী হ'ল। কিন্তু পূৰ্ব্বে সিহঁতৰ এই দেশত যি২ অধিকাৰ আচিল সেই বোৰ গুচি এতিয়া মুঠে্‌ গোৱা নামে এখন নগৰ হে আচে, ইংৰাজ লোক এই দেশলৈ প্ৰথমে এই ৰূপে আহিল।

 ইং ১৬০০ শঁকত ইংগ্লণ্ডৰ ৰাণী ইলিজেবেথে লণ্ডন নগৰৰ এক কম্পানি মুদৈক ভাৰতৰৰ্ষত বেপাৰ কৰিবৰ নিমিত্তে এখন আজ্ঞা পত্ৰ দিলে, কম্পানি শব্দৰ অৰ্থ এই; কেতবোৰ মানুহ গোট খাই বাণিজ্য কৰিবৰ নিমিত্তে গায়ে পতি ধন তুলি মুঠ্‌ ধনেৰে বেপাৰ কৰিলে সেই মানুহ বিলাককে কম্পানি বেলে। কুঁৱৰীয়ে কম্পানিক আজ্ঞা পত্ৰ দিবৰ সময়ত সিবিলাকৰ মুঠ ধন পাঁচ লক্ষ টকাহে আচিল, সেই টকাৰে কম্পানিয়ে নানা বিধিয়া বস্তু কিনি চাৰি খন জাহাজ ভৰাই বাণিজ্য কৰিবলৈ এই দেশলৈ পঠা্ল‌ত দিনে২ লাভ পালে, আৰু এই দেশৰ পৰা যি বস্তু নিলে তাক বেচি তত লাভ পালে ইয়াতে বাণিজ্য ভালে মান বাঢ়িল। পিচে