পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৯২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৮২ )


বহি অধিপতি হল এঁৱেই সেনাপতি পঠিয়াই বঙ্গাল দেশ ললে, এই কুতোবদ্দীন পাতচাৰ দিনৰে পৰা মুষলমানৰ পৰাক্ৰম বাঢ়িল আৰু ৰণ কৰি২ প্ৰায় গোটেই খন ভাৰত বৰ্ষকে লাহে২ যবনাধিকাৰ কৰিলে। কুতোবদ্দীন পাত্চা‌ৰ দিনৰে পৰা ইংৰাজে দেশ অধিকাৰ কৰিবলৈকে নানা বংশৰ নানা মুষলমান পাত চাই ভাৰতবৰ্ষ শাসন কৰিলে আৰু সিবিলাকৰ ভিতৰত অনেক বৰ২ পাতচা, হৈগৈচে প্ৰধান আকবৰসাহ ইত্যাদি। যবনাধিকাৰ সময়ত অনেক যুদ্ধবিগ্ৰহো হৈচিল; শেষত মুষলমান সকলৰ ৰাজ্য গুচি অলপ কালৰে পৰা ইংৰাজ বিলাক ভাৰতবৰ্ষৰ অধিপতি হৈছে তাৰ বিবৰণ কঁও শুনা।

 যেতিয়ালৈকে লোকে পৃথিবী আরু আকাশৰ বিবৰণ নেজানিচিল, তেসিয়ালৈকে সমুদ্ৰেৰে অহাজোৱা কৰা বৰ টান আচিল, আরু জাহাজ বোৰ সমুদ্ৰৰ মাজে২ নচলাই পাৰৰ কোখৰে২ চলাইচিল এই হেতুকে নিলগ দেশলৈ জব নোৱাৰিচিল আৰু পুৰ্ব্বে ইউৰোপৰ লোক বিলাকে বামেবে হে ভাৰতবৰ্ষে সৈতে বেপাৰ কৰিছিল। পিচে পৃথি বীৰ আকাৰ জানি কম্পাচৰ সৃষ্টি হৈ দিনে২ সকলো কথা ভালকৈ প্ৰকাশ হলত জাহাজেৰে জোৱা আহা ঢিলা হব লাগিল। ইং ১৪১২ শঁকৰ পৰা ১৪৬৩ শঁকলৈকে পৰ্ত্তুগল দেশৰ মানুহে জাহাজেৰে জোৱা অহা কৰি আফ্ৰিকা খণ্ডৰ পশ্চিম সীমা ৭০০ ক্ৰোশ গৈ পালে, আরু জাঁওতে২ সিহঁতে