পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৮৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৭৮ )


ৰজাৰ কৰ্ম্ম কৰিবলৈহে তিনি জন আচে, তাত বাজে মুদই বা নীলকৰ সাহাব সৰহ নাই। এই কাশী নগৰৰ লোক বিলাকৰ অনেক মগনিয়াৰ হয় কিন্তু অনেক ধনৱন্ত মানুহো আচে আরু বঁদেলখণ্ড দেশেৰ পৰা অনা সৰহ হীৰা ইত্যাদি ৰত্ন কাশীত পোৱা জায় আৰু নগৰৰ ভিতৰৰ বা ওচৰৰ মাটি বোৰৰো বৰ দৰ।

 এই নগৰত লৰা বোৰে একে বেলিয়ে লেখিবলৈ আরু পঢ়িবলৈ শিকে। সিহঁতে বালিৰ ওপৰত আঙ্গুলিৰে বা নলিৰে আখৰ লেখে আরু লেখিবৰ সময়ত উচ্চাৰণ কৰে পিচে হাতেৰে বালি সমান কৰি আকৌ তাৰে ওপৰত লেখে। এই নগৰত পূৰ্ব্বৰে পৰা সংস্কৃত বিদ্যা প্ৰচলিত আচে আরু সি এনে পুণ্য স্থান বুলি খ্যাত যে অনেক ৰজাই যজ্ঞ আৰু পুণ্য কৰিবলৈ পাত্ৰ মন্ত্ৰিক পঠিয়াই। এই নগ ৰৰে পুৰণি নাম কাশী অৰ্থাৎ তেজোময় সেই নাম আজি লৈকে প্ৰসিদ্ধ আছে কিন্তু পশ্চিমৰ ইতিহাস কৰ্ত্তা সকলৰ পুধিত এই নাম পোৱা নেজায় তাত মথুৰা যমুনাৰ ওচৰৰ কিলশোৰাৰাৰ নাম আচে কিন্তু কাশীৰ নাম নাই।

⸻⸻

OF THE CITIES OF MECCA AND MEDINA.
মক্কা আৰু মদীনা নগৰৰ থকা।

 আৰব দেশেৰ হেজাস্ প্ৰদেশত চুফ সমুদ্ৰৰ পৰা এদি নাৰ বাটত মক্কা নগৰ। এই নগৰলৈ অবিশ্বাসী অৰ্থাৎ