( ১৭৫ )
মখসুদাবাদ নাম আচিল পিচে ১৭০৪ শঁকত মুৰশিদ্ কুলিখাঁ
নৱাবে ইয়াকে ৰাজধানী কৰিলত তাৰ নাম মুৰ্শিদাবাদ
হল। ভাগিৰথী বা কাশিম্বাজাৰ নদী বা গঙ্গাৰ ঘাই ঠা্নিৰ
দুইও পাৰে এই নগৰ চাৰি ক্ৰোশ ব্যাপিচে। তাৰ এটা
ঘৰো দেখিবলৈ সুৱনি নহয় আরু নৱাবৰ ঘৰো ইমান সরু
যে নকৈ অহা মানুহে তেঁওৰ ঘৰ কোনটো চিনি নেপায়,
কিন্তু পিচে অলপ কেই বচৰৰ মনৰ ভিতৰত এক বৰ অট্টা
লিকা সাজিচে তেও নাজিম সাহাব তাত বাস নকৰে। এই
নগৰৰ আলি নিচেই ঠে্ক আরু মলিন সাহাৰ লোক বিলা
কৰ ৰথ প্ৰায় নচলে, আরু তাত কোঁঠ্ বা গড় কেতিয়াও
নাচিল পিচে ৭৭৪২ শঁকত মাৰহাট্টা হঁত আহাত এখন
সরু কোঁঠ কৰিছিল।
এই নগৰত ভালে মান বাণিজ্য হয় আরু কটল লোৱা ঘৰৰ ওচৰত সৰহ নাও থাকে কাতি মাহৰ পৰা চত মাহ লৈকে ভাগিৰথী প্ৰায় শুকাই থাকে এই ভাগিৰখী ঝিলিঙ্গাই সইতে মিলি হুগলি নাম লৈচে। মুৰ্শিদাবাদত উকা আরু ফুলাম অনেক পাট সুতাৰ কাপৰ হয় আরু আন দেশলৈ অনেক বাণিজ্য বস্তু কৰে।
যেতিয়া জাফৰ খাঁ নবাব ঢাকাৰ পৰা আহি মুৰ্শিদাবাদত বাস কৰিলেহি তেতিয়াৰে পৰা মুৰ্শিদাবাদ বঙ্গ দেশৰ
ৰাজ নগৰ হল, পিচে ১৭৫৭ সঁকলৈক অৰ্থাৎ ইংৰাজৰ অধিকাৰ হোৱালৈকে ৰাজধানীয়ে থাকিল তাৰ পিচৎ ৰাজ
ব