পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৭৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৬৫ )

বস্তুৰ কথা কম। জীবন ৰক্ষক অৰ্থাৎ মানুহক পানিত নুডুবাকৈ যি যন্ত্ৰে ৰাখে সি অনেক বিধৰ হয় নাৱৰিয়া বোৰ সদাই পানিত পৰিব পাৰে, এতেকে সিহঁত সকলোৱে সাঁতৰিবলৈ জানিব পাই কিন্তু কেতবোৰে নেজানে। কুঁহি লাৰ নিচিনা এবিধ গচৰ চালেৰে একোটা চোলা কৰে তাৰে জীবন ৰক্ষা হয়। পাতল কৈ তামৰ ফোঁপোলা কৰি ঘুৰণিয়া লারু হেন কৰে বা চুঙ্গা কৰে সিও এবিধ জীবন ৰক্ষক আরু সি ভালে মান ভৰ সহে মনুষ্যৰ শৰীৰ পানিত ওপঙিবলৈ সহ উদ্যোগ নেলাগে, কিন্তু ভালে মান পৰ পানিত থাকিলে বৰকৈ সাঁতুৰিব পৰা মানুহকো জীৱন ৰক্ষক লাগে। আৰু এবিধ বৰ সুন্দৰ জীৱন ৰক্ষক আচে তাকে কৰ্ক নামে এবিধ কুঁহিলাৰ নিচিনা গচৰ চলেৰে ডিঙ্গিৰ মালা বা হাঁসুলিৰ দৰে কৰি মুৰ সুমাব লৈ মাজতে এটিবিন্ধা কৰে।

 জীবনৰ নাও এক বৰ আচৰিত বস্তু। এই নাও প্ৰায় কুৰি বিধ আচে, প্ৰথম বিধকে কৰ্কেৰে কৰে। সেই নাৱৰ হলিত বিন্ধা দিলেও সি ওপঙিব, এই নাৱৰ দ্বাৰা হেজাৰে২ মানুহ ৰক্ষা পাইচে যেতিয়া কোনো জাহাজ ডুবিব লগা হয় আরু তাৰ মানুহ বোৰৰ প্ৰাণ শংসয় হয় তেতিয়া এই নাৱত নাবিক বোৰ উঠি বামত উঠা দেখিবলৈ বৰ ভাল জাহাজ ডুবাত নাবিক বিলাকে কাঠ পিপা ইত্যাদি একে লগ কৰি ভেল সাজিও বাম উঠে।