পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৭৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৬৩

সেই নিমিত্তে অপ্ৰয়াসে পৃথিবীৰ চাৰিও দিগ জনা যায়। মটিত থকা মানুহ বিলাকে নাবিকৰ কম্পাচক হাজাৰ প্ৰশংসা কৰক কিন্তু যি সাগৰত ফুৰি নানা বিপদত পৰিছে সিহে তাৰ গুণ জানে।

FIRE ESCAPES AND TIIE FIRE ENGINE, LIFE
 PRESERVER DIVING BELL, AIR-GUN, AIR
PUMP, LIGHTNING ROD, TELEGRAPH.

অগ্নিৰ পৰা ৰক্ষক আৰু অগ্নিৰ যন্ত্ৰ। জীবন
ৰক্ষক ডুব মৰা ঘণ্টা। বায়ুৰ হিলৈ। বায়ু নিঃ
সাৰক যন্ত্ৰ। বজ্ৰ নিবাৰক যন্ত্ৰ। আৰু টেলি,
 গ্ৰাফ নামে শীঘ্ৰে সম্বাদ পোৱা যন্ত্ৰ।

 তুমি কেতিয়াবা অগ্নিৰ পৰা ৰক্ষা পোৱা যন্ত্ৰৰ কথা শুনি চিলানে? নাই হবলা। অগ্নিৰ পৰা ৰক্ষা পাবৰ নানা যন্ত্ৰ আছে, কিন্তু ময় এবিধ বা দুবিধৰহে কথা কম। বৰ ঠেক আলিৰ ঘৰ বোৰত জুই লগা অতি ভয়ানক কথা। ময় অনেক বেলি জুই লগত থাকি তাৰ ভয়ানক প্ৰতিফল দেখিচোঁ, সেই নিমিত্তে অগ্নিৰ পৰা ৰক্ষা:পোৱা যন্ত্ৰক বৰ আচৰিত বুলি মানো! এই যন্ত্ৰ বিলাকৰ দ্বাৰা জুই লগা ঘৰৰ পৰা মানুহ ওলাব পাৰে।

 এবিধ যন্ত্ৰ গোটেই ঢিলা, সি মুঠে্ বৰ কাপৰ এখন; আরু ধৰিৱলৈ ডাঠ্ সজুকা থাকে। ঘৰত জুই লাগিলে চাৰিটা