পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১৫১)


সিহৰ নলিৰে চাৰি ও ফালে চলায় নিয়ে পিচে প্ৰতি ঘৰতে সেই নলিৰ পিতলৰ মুখেৰে ধোঁৱা ওলায়; সেই নলিত জুই লগালে অকস্মাৎ জলিউঠে আরু জিমান পৰ ইচ্ছা তীমান জলি থাকে নুমাব লাগিলে সেই নলিত এনেহে কল আচে যে তাক টিপিলে ধোঁৱা চলিবলৈ এৰে তাতে জুই আপুনি নুমায়। শৰীৰৰ শীৰেৰে যেনেকৈ তেজ চলে এই নগৰতো তেনেকৈ পানি আরু পোহৰ চলে।  এই নগৰ এতিয়া পৃথিবীৰ মধ্যত সকলো নগৰতকৈ ডাঙ্গৰ আরু সম্পত্তি বাণিজ্য আরু জ্ঞানতো বৰ। পূৰ্ব্বে এই মহানগৰ অৰণ্য আচিল কিন্তু কালক্ৰমে নানা উদ্যোগ আৰু সুবিচাৰৰ দ্বাৰা সি এতিয়া এনে বৰ হৈচে; কিন্তু ইয়া তো কেতিয়াবা অবিচাৰ হলে পৃথিবীৰ আন২ মহা নগৰব নিচিনা লোপ হব।

⸻⸻


SAVAGES AND CIVILIZED PEOPLE, SPECTA-
CLES AND CLOCKS AND THE BAROMETER
AND THERMOMETER.

সভ্য আৰু অসভ্য মানুহৰ কথা দ্বিপচকু, ঘড়ি,'
বায়ু ভাৰ মাপক যন্ত্ৰ আরু তাপ মাপক
যন্ত্ৰৰ বিৰৰণ।

পূৰ্ব্বে নথকা বস্তুৰ সৃষ্টিৰ পৰা আমাৰ সুখ কি ন