ইংৰাজ বোৰ] গোটেই অসভ্য আচিল। সিহঁতে কাপৰ নিপিন্ধি নাঙটহৈ ফুৰিচিল, কেৱল দক্ষিণৰ লোক বিলাকেহে মাজে২ জন্তুৰ চালেৰে গা ঢাকিচিল; সিহঁতে শোভাৰ নিমিত্তে গাত গচ, ফুল, মাচ, পশু, আৰু চৰাই ইত্যাদি আঁকিচিল, আৰু সেই আঁক বোৰত এবিধ এঠা দিচিল হেতুকে কেতিয়াও নেৰিচিল।
ইংৰাজ হঁতৰ পূৰ্ব্ব পুরুষ সকলে সেই কালত হাবিত বাস কৰিচিল, আরু কাঠেৰে সরু ঘৰ কৰি গচৰ ঠানিৰে বা চালেৰে ঢাকিচিল। এনেকুৱা দুশ তিনিশ পজাৰে গাঁও একে খন হৈচিল, আৰু সেই গাঁৱৰ চাৰিও ফালে মাটিৰে গড় একোটা বান্ধিচিল; মৃগয়া কৰি সিহঁতে যি মঙহ পাই চিল তাকে খাইচিল, কিন্তু মাচ আরু চৰাই খোৱা সিহঁতৰ ধৰ্ম্মত নিষেধ আচিল।
সেই কালত ইংগ্লণ্ডৰ লোক বিলাক অতি অজ্ঞান আচিল, অকল সিহঁতৰ পুৰোহিত বোৰেহে বিদ্যা, জানিচিল, আরু সিহঁতে শিষ্য বোৰক বৰকৈ বশীভূত কৰি ৰাখিচিল; সিহঁতে নানা বিধৰ দেৱতা পূজা কৰিচিল আৰু সেই দেৱতা রুষ্ট হলে শান্তিৰ নিমিত্তে এনেহে কুকৰ্ম কৰিছিল যে তাক শুনিবই নলগা। এক সময়ত সিহঁত ৰণত ঘাটি আমাৰ শনি দেৱতা রুষ্ট হৈছে বুলি শান্তি কৰিবৰ নিমিত্তে ভাল মানুহৰ ঘৰৰ তিনিশ লৰা বাচি আনি বৰ সাজ এখনত থৈজুইদি পুৰিলে। এতিয়াৰ ইংৰাজ বোৰ সেই সকল শোকৰে সন্তান। কিন্তু সিহঁ