( ১৪২ )
যি জৰিত টেঁটা বন্ধা থাকে সি দুশ বেওঁ (চাৰি হাতে এক
বেওঁ) দিঘল আৰু সুন্দৰে কত গাঁঠি নলগাকৈ জৰি
এৰি দিবলৈ তাক ঘুৰণিয়াকৈ নাৱত মেৰাই থয়। প্ৰথমে
মকৰ মাচ এনে বেগেৰে জায় যে টেটাঁৰ জৰি এৰি দিওঁতে
নাৱত ঘহনি লাগি জুই উঠে বুলি জৰি পানিৰে তিয়ায়,
কিন্তু মাচ ভাগৰিলে নাৱৰিয়া হঁতে আরু জৰি এৰি নিদি
টানি ধৰে আরু সেই দুশ বেওঁ জৰি ঢুকালে আন নাৱৰ
জৰি জোৰা দিয়ে। কেতিয়াবা এনেও হয় যে সেই চয়ো
খন নাৱৰ এটাই বোৰ জৰি কে লাগে কিন্তু প্ৰায় তিনি খন
নাৱৰ জৰিতকৈ অধিক নালাগে, এই মাচ সৰহ পৰ পানিৰ
তলত থাকিব নোৱাৰে কিন্তু উসাহ লবলৈ পানিৰ ওপৰত
উঠি ভাগৰ লাগি ওপঙ্গি থাকে। সেই সময়তে আন নাও-
বোৰ তাৰ গুৰি চাপি গৈ আকৌ টেঁটা মাৰে, তাতে
মকৰ মাচ আকৌ ডুব মাৰি তললৈ জায়; কিন্তু আগৰ
নিচিনা বেগ গুচে, পিচে আকৌ দ্বিতীয় বেলি ওপঙ্গিলে
উভতি তললৈ জাব নোৱাৰে তাতে জাঠি ইত্যাদিৰে নাৱ-
ৰিয়া হঁতে বধ কৰে। পিচে যেতিয়া তাৰ মুখেৰে তেজে
সৈতে মিহলা পানি ওলায় তেতিয়াহে তাৰ মৰিবৰ প্ৰস্তাৱ
হল বুলি জানি।
মকৰ মৰিলে তাক জাহাজে সৈতে এডাল ডাঙ্গৰ জৰিৰে বান্ধে আরু এফাল লুটিয়াই মুৰত এডাল আরু নেগুৰত এডাল দুডাল জৰিৰে বান্ধি তাৰ গাৰ পৰা পিচলি নপৰি-