পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৪১ )


কেন্দ্ৰৰ কোখৰত পোৱা জায়, পূৰ্ব্বে মকৰ মাচক কেৱে জো কোৱা নাচিল হেতুকে প্ৰথমে যেতিয়া মানুহে তাক ধৰিবলৈ উপক্ৰম কৰিলে তেতিয়া সিহঁত সমুদ্ৰৰ পৰা আহি খাঁৰিত সোমই থাকিচিল আরু তীৰৰ কোখৰত প্ৰায় মৰা গৈচিল, কিন্তু দেন্মাৰ্ক্ক, হলাণ্ড, আরু ইংগ্লণ্ড দেশৰ পৰা এই মাচ ধৰিবলৈ প্ৰতি বছৰে অনেক জাহাজ জোৱাত সেই মাচ অলপ্‌ হৈচে, আরু হিম মই বৰ দ পানিতহে এতিয়া সদাই থাকে।

 এই মকৰ মাচ ধাৰৰ বিবৰণ অতি আচৰিত আরু পৃথি বীৰ মধ্যত অসম্ভৱ কথা তাৰ বিবৰণ এই।

 এই মাচ ধৰিবৰ নিমিত্তে যি জাহাজ জায় তাৰ প্ৰতি জাহাজতে ছখন নাও থাকে, প্ৰতি নাওতে ছটা বাইচা আরু মাচ মাৰিবৰ নিমিত্তে জাঠিলৈ এটা মানুহ থাকে, জাহাজৰ পৰা অলপ দূৰৈত দুখন নাওগৈ বৰফৰ ওপৰত লগাই মাচলৈ পৰদি থাকে আরু চাৰি ঘড়ীৰ মুৰত সেই নাওৱৰ সলনি দিয়ে। মকৰ মাচ দেখিলেই এই নাও দুখন পিচে২ বেগাইগৈ মাচৰ ওচৰ পাই, সি তললৈ নগলে অস্ত্ৰ ধাৰীয়ে মাচৰ গাত টেটা মাৰে। মাচক টেঁটা মাৰিয়েই নাৱত এখন বঠা্‌ থিয় কৰি জাহাজৰ মানুহক মাচ পৰা বুলি বাৰ্ত্তা দিয়ে। তাতে জাহাজ ৰখিয়াই আনবোৰ নাওৱক আগৰ দুখনক সহায় কৰিবলৈ পঠাই দিয়ে।

 মকৰ মাচৰ গাত টেঁটা লাগিলে সি বৰ বেগে লৰি জায়।