পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৪০ )


ডাঙ্গৰ গরুৰ চকুৰ নিচিনা তাৰ চকু আৰু এনে ঠাইত যে চকুৰে চাৰিও ফালে চাব পাৰে, মকৰীন দহ মাহ গৰ্ব্ভৱতীহৈ থাকে কিন্তু আন মাচৰ নিচিনা কনি নাপাৰি পশুৰ দৰে এটি পোৱালীহে ফুকায়; সেই পোৱালীক মাকে পিয়াহ খুৱাই, মকৰ মাচে সাগৰৰ এবিধ একাঙ্গুলী দিঘল কলা পোক আচে তাকে খায়।

 সমুদ্ৰৰ এই বৃহৎ জন্তুৰ অনেক অৰি আচে, ওকনিৰ নিচিনা এবিধ সরু পোক সাগৰত আচে সেই বোৰে মকৰ মাচৰ গাত সোমাই তাৰ তেল খায়। ককিলা মাচো তাৰ প্ৰধান শত্ৰু, সি সদাই মকৰৰ পিচে২ গৈ সিয়ে সৈতে যুদ্ধ কৰিব খোজে। এই সরু জন্তুক দেখিলে মকৰ মাচ ভয়ত কম্পমানহৈ পানিত উল্লম্ফন কৰি নিলগৰ পৰা পলাই আঁতৰ হয়, কিয়নো মকৰ মাচৰ আপোনক ৰক্ষা কৰিবলৈ নেগুৰত বাজে আন একো উপায় নাই; তাৰে সি শক্ৰক মাৰিবলৈ পুরুষাৰ্থ কৰে আৰু তাৰ কোব লাগিলে তৎক্ষণাৎ সি নষ্ট হয় কিন্তু কঁকিলা মাচ সহজে পলায় আরু জাঁপ মাৰি মকৰৰ ওপৰত পৰি তাৰ ধৰাল মুখেৰে তাৰ গা ফালি পেলায়, তাতে মকৰৰ গাৰ ঘাৰ তেজেৰে সমুদ্ৰৰ পানি ৰঙ্গা হয় আরু সেই মহা জন্তু তাৰ শত্ৰুক মাৰিবলৈ যতন কৰি সুদাই নেগুৰ পানিত আচাৰে তাতে প্ৰতি আচা ৰে বৰ তোপৰ শব্দতকৈও অধিক শব্দ হয়।

 কিন্তু এই বৃহৎ জন্তুৰ সকলো শক্ৰতকৈ মনুষ্য প্ৰধানবৈৰী, আন শক্ৰয়ে এশ বচৰৰ ভিতৰত যিমান নষ্ট কৰে মনুষ্যে একে বচৰতে তিমান নাশ কৰে। মকৰ মাচ দক্ষিণ আরু উত্তৰ