পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৩৯ )


পিচে বৰ পিয়াহ লাগি পানি খাবলৈ জোৱাত সেই মানু হটো গচৰ পৰা নামি লৰি সাৰিল।

 যি মানুহে সিংহক খুৱায় তাক সি কেতিয়াও নেপাহৰে। এদিন এবাহ নাবিক এটা সিংহক চাবলৈ গৈচিল, সি কিবা খাই আচিল আৰু তাক কেৱে জোকাব নোৱাৰিচিল; কিন্তু সিহঁতৰ মাজৰ এটা নাবিকে এই বুলি সিংহৰ কোখৰলৈ গল, বোলে নিৰো, অ, নিৰো, মোক তয় নিচিননে? সিংহে এই কথা শুনি খাবলৈ এৰি তাৰ গুৰিলৈ গল, সি তাৰ মুৰত থপৰিয়াই মৰম কৰিলে সিংহেও মেকুৰিৰ নিচিনাকৈ তাৰ গাত গা ঘঁহিয়ালে। সকলোৱে এই কথা দেখি বৰ আচৰিত হলত নাবিকে কলে বোলে তিনি চাৰি বচৰ মান হল এই সিংহটো আমাৰ জাহাজত আচিল। আরু ময় তাক খুৱা ইচিলোঁ।

⸻⸻

THE WHALE.
মকৰ মাচৰ বিবৰণ।

 পৃথিবীৰ ভিতৰত আমি ভুপোৱা যি২ জন্তু আচে সক লোতকৈ মকৰ মাচ ডাঙ্গৰ। কেতবোৰ মকৰ মাচ দুকুৰি দহ হাত দিঘল আরু তাৰ মুৰ টোৱেই গাৰ তিনি ভাগৰ এভাগঃ তাৰ নেগুৰ ন হাত দিঘল আরু পাখি একুৰি চাৰি হাত বহল