পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৩৬

জন্তু চৰিবলৈ জাই সিংহেও তালৈকে জাই, কোনো জন্তুৰ ওচৰ পালে জাপ মাৰি ধৰি পিচে ডোখৰ২ কৈ চিঙ্গি মঙহ বোৰ আরু কেতিয়াবা২ হাৰকো খায়। সিংহে সদাই ৰাতিহে আহাৰ বিচাৰি ফুৰে আরু জন্তুক, ধৰোঁতে মেকুৰিৰ নিচিনা নিচ আরু ঢেঁট।

 আফ্ৰিকা দেশৰ প্ৰায়, ঠাইতেই আরু আসিয়াৰ দক্ষিণ ফালে সিংহ থাকে, কিন্তু আসিয়াতকৈ আফ্ৰিকাত সৰহ আচে। যি ঠাই বৰ তপত তাৰ সিংহ বৰ ডাঙ্গৰ আরু ভয়ানক হয়। দক্ষিণ আমেৰিকাতো সিংহবোলা এক জন্তু আছে কিন্তু তাৰ যথাৰ্থ নাম পুমা নাইবা কুগা।

 কেতিয়াবা২ সিংহ ভালেমান দিনলৈকে জিয়াই থাকে;

 ইং ১৭৬০ শঁকত লণ্ডন নগৰত পম্পা নামে এটা সিংহ তিনি কুৰি দহ্ বচৰ বয়সত মৰিচিল।

 সিংহী সিংহতকৈ ভালে মানে ডাঙ্গৰ। তাইৰ গলধনত চুলি নাই আরু তাইৰ স্বভাৱ সিংহতকৈ ভয়ানক কিন্তু সিংহীৰ মৃদুতাৰ দৃষ্টান্ত ফ্ৰান্স দেশৰ মানুহ এজনে এই বুলি কৈছে। এবচৰৰ পূৰ্ব্বে মাচকাৰা নগৰলৈ এটি সিংহী আনা হৈচিল আরু তাইক থবলৈ এটি বহা নগৰৰ বাহিৰে কৰি দিচিল। তাই নগৰৰ আলিয়ে২ ফুৰিচিল লৰা বোৰে তাইয়ে সৈতে ধেমালি কৰি পিঠিত উঠি নেগুৰত ধৰি টানিছিল, কিন্তু এই বোৰ কৰাতো তাই একো নকৰি লৰা বোৰেসৈতে ধেমালি কৰি দুখ নোপোৱাকৈ কামুৰি চিল।