পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৩৪

মনুষ্যৰ ত্ৰাণকৰ্ত্তা বোলে। এই ধৰ্ম্মাৱলম্বী তুরুক দেশত বাজে গোটেই ইউৰোপ খণ্ড আরু আমেরিকাত ইউৰোপৰ পৰাগৈ বাস কৰা মানুহ বোৰ খ্ৰীষ্টিয়ান। পৃথিবীত প্ৰায় দুই অৰ্ব্বুদ পঞ্চাশ কোটী মান খ্ৰীষ্টিয়ান আচে।

 য়িহুদি সকলেহে য়িহুদি ধৰ্ম্ম মানে, সিহঁতে য়িশু খ্ৰীষ্ট পিচে আহিব বুলি কয় আৰু খ্ৰীষ্টিয়ানৰ বাইবেলৰ আদি খণ্ড মানে, পৃথিবীত পঞ্চাশ লক্ষ য়িহুদি আচে। মসলমানৰ ধৰ্ম্ম ইং সঁক চশৰ পৰা মহম্মদ নামে এক মানুহে স্থাপন কৰিছে। এই ধৰ্ম্মক আৰব পাৰস্য তুরুক তাতাৰ মিচৰ ইত্যাদি দেশৰ মানুহে মানে এই ধৰ্ম্মাৱলম্বী মানুহ প্ৰায় এক অৰ্ব্বুদ মান হব।

 পৃথিবীৰ নানা দেশ নানা দৰে শাসিত হয় প্ৰধান দুবিধ ৰজা বা পাৎচাৰ শাসন, আরু প্ৰজা সমুহৰ শাসন যি দেশত ৰজাই আপোন ইচ্ছাৰে দেশ শাসন কৰে সেই দেশতে স্বাধীন ৰজাৰ শাসন বোলে। চীন, জাপান,পাৰস্য, তুরুক, ব্ৰহমা ইআছি দেশত এনে ৰাজত্ব আরু যি দেশত ৰজা থাকে কিন্তু তেঁও ব্যৱস্থাৰেহে চলিব পাৰে সেই দেশেতে পৰিমিত ৰাজত্ব বোলে, ইংলণ্ডাদি দেশত এনে ৰাজত্ব যি২ দেশত ৰজানাই কিন্তু প্ৰজা সমূহে হে দেশ শাসন কৰে তাকে প্ৰজা সমূহৰ শাসান বোলে। আমেৰিকা প্ৰায়, গোটেই খনতে আরু ইউৰোপৰ ঠাইয়া২ এনেকৈ শাসন কৰে।