পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১২৯)

আমেৰিকা খণ্ড, দিঘলে ৭৫০০ পুতলে, ৯০০ এই খণ্ডৰ দুই ভাগ আছে উত্তৰ আমেৰিকা আরু দক্ষিণ আমেৰিকা।

 পৃথিবীৰ মধ্যত প্ৰায় সাৰেন ও অৰ্ব্বুদ, মান, মানুহ আছে, তাৰে ইউৰোপত কুৰি কোটি, আসিয়াত শাটি কোটি, আফ্ৰিকাত পাঁচ ছয় কোটি, আরু আমেৰিকাত চাৰি কোটিৰ অধিক, ভাৰত বৰ্ষত এক অৰ্ব্বূদ চাৰি কোটি, কিন্তু আসম দেশত মুটে বাৰেলক্ষ।

 পৃথিবীৰ সকলো ঠাইতে জাৰ আরু জহ সমান নহয়,পৃথিবীক পাঁচ খণ্ডকৈ ভাগ কৰা গৈছে, সেই খণ্ড বোৰকে কটিবন্ধ বোলে, মধ্যতে উষ্ণ কটিবন্ধ অৰ্থাৎ এই ভাগত বৰ গৰমি, তাতে আসিয়াৰ ব্ৰহমা দেশ, হিন্দুস্থান, আৰব, আরু আফ্ৰিকাৰ মাজ ডোখৰ, আরু আমেৰিকাৰ মধ্যখণ্ড পৰিচে। উষ্ণকটি বন্ধৰ উত্তৰ দক্ষিণে সম কটিবন্ধ দুই, তাত বৰ জাৰো নাই আৰু বৰ গৰমি ও নহয়, তাতে চীন, পাৰস্য, ইউৰোপ খণ্ড, আমেৰিকা আরু আফ্ৰিকাৰ দক্ষিণ ইত্যাদি ঠাই।

 সম কটি বন্ধৰ উত্তৰে আরু দক্ষিণে উত্তৰ আ{{বঙালী ৰু} দক্ষিণ কেন্দ্ৰ লৈকে শীত কটিবন্ধ,এই দুই খণ্ডত থকা ঠাই বোৰত বৰ জাৰ সদাই হিমনুগুচে আরু গোটেই উত্তৰ কেন্দ্ৰৰ ওচৰত থকা দেশত ঘাম কালি চাৰি মাহ মানলৈকে সুৰ্য্য মাৰ নাজায়; কিন্তু জাৰ কালি চাৰি মাহ মানলৈকে সূৰ্য্য