বিদ্যা সকলো সদ্গুণৰে মূল, তাৰ পৰা মনুষ্যৰ ইহ কালত
আরু পৰ কালতো অসীম উপকাৰ হয়, বিদ্যাৱন্ত মানুহ
নিৰ্ধনী হলেও তেঁওক সকলোৱে মান সৎকাৰ কৰে, কিন্তু
ধনৱন্ত মূৰ্খে জ্ঞানিৰ সমাজলৈ গলে তাক কেৱে নুসুধি পণ্ডিত
-কহে আদৰ কৰিব। বিদ্যাৰ দ্বাৰা মনুষ্যৰ মন পোহৰ হয়,
কিয়নো নানা শাস্ত্ৰ পঢ়িলে নানা কথা জনা জায়, বিদ্যা
জানিলে এই পৃথিবী কেনে ইয়াত কিং আচে আরু আকাশ
নক্ষত্ৰ প্ৰভৃতি নৌ কেনে এই সকল সুন্দৰে জানি, কিন্তু যাৰ
বিদ্যা নাই সি এই সকল একোকে নেজানে আরু তাৰ মন
গোটেই এন্ধাৰ হৈ থাকে। বিদ্যা জানিলে সময় ব্যয় কৰি
বলৈ সুন্দৰ উপায় ওলায়, আরু পণ্ডিতে সময় দিঘল হবলৈ
অভিলাষ কৰে, কিন্তু মূৰ্খে সময় চুটি হয় মানে ভাল পায়;
কিয়নো সি সময় যাপন কৰিবলৈ একো উপায় না পায়।
বিদ্যাৰ পৰা অৰ্থ লাভ, যশস্যা ইত্যাদি হয়, বিদ্যাক ভগন
কৰিলে বাঢ়ে, আরু একোৰে গুচাব নোৱাৰে; কিন্তু এই
সকল গুণত কৈ ও বঢ়া গুণ আচে।
এই পৃথিবীত জিয়াই থাকি আমি যি কৰ্ম্ম কৰোঁ তাৰ ফল মৰিলে পাম, অৰ্থাৎ সুকৰ্ম্ম কৰিলে পৰ কালত পুৰস্কাৰ পাম, কিন্তু অকৰ্ম্ম কৰিলে দণ্ডনীয় হম। এতিয়া তোমোলাকে দণ্ডনীয় হবলৈ ভাল পোৱা নে পুৰস্কাৰ পাবলৈ ভাল পোৱা; যদি পুৰস্কাৰ পাবলৈহে অভিলাষ কৰা তেন্তে বিদ্যাক সাৰথি কৰি লোৱা, বিদ্যাই ঘাই উপায়; যদি বোলা বিদ্যায়