পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১২৪)

মনে তেনে হেন নাভাবিলেনে? ঈশ্বৰ সকলো ঠাইতে আচে,যি শব্দ আমি শুনো তাক তেঁৱেইহে কয়, আমাৰ চকুয়ে যি দেখে সকলোতে তেঁও আচে, হে জ্ঞানৰ পুত্ৰ ঈশ্বৰ নোহোৱা কৈ একো নাই, এতেকে সকলো ভাবনাতে তুমি ঈশ্বৰক ভাবিবা।

DIVINE PROVIDENCE OVER ALL THINGS DU-

RING NIGHT.

ৰাতি সকলো বস্তুৰ ওপৰত ঈশ্বৰৰ তত্ত্বাবধাৰণ।

 মহিমাৱন্ত সূৰ্য্য পশ্চিমে অস্ত হৈচে, ৰাতিৰ নিয়ৰ পৰিচে আরু বায়ু তপত গুচি শীতল হইছে।

 ফল বোৰ মুদগৈ ঠানিত ওলমি আচে, কুকুৰা পোৱালিবোৰ মাইকিৰ পাখিৰ তলত একেলগহৈ শুইচে, আরু মাইকীয়েও সুইচে।

 সরু২ চৰাইটিহঁতে মাতিবলৈ এৰি পিচ ফালে পাখিতমুৰদি গচৰ ঠনিত শুইচে। মৌৰ বাহতো মৌৰ গুণ গুণি নুশুনি সিহঁতে বন কৰি মমৰ বহাত শুইচে।

 মেৰ চাগ বোৰো গাৰ লোম পাৰি শুইচে, আরু তাহাঁতৰ মাত পথাৰত নুশুনি। কাৰো শব্দ নাই, লৰাই ধেমালি কৰা মানুহে খোজ কঢ়া, বা ইফালৰ পৰা সিফাললৈ অহা জোৱা কৰা একোকে নুশুনি।