পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১২৩)

পথাৰতে অচিল, আরু তেঁওৰ হাঁহিঁত সূৰ্য্যৰ কীৰণ সজীব হইচিল।

 ময় হাবিয়ে২ ফুৰিছিলোঁ, গচত বতাহ্ লাগি হহ শব্দ হৈচিল বান্দৰ বোৰ ইঠানিৰ পৰা সিঠানিলৈ জঁপিয়াই ফুৰিচিল;চৰাই বোৰে ঠানিৰ পৰা সুললিত ধ্বনি কৰিচিল।

 তুমি নিজৰাৰ মাত আরু বতাহৰ হহহনিত বাজে আন একো নুশুনিলানে? হে জ্ঞানৰ পুত্ৰ পালটি আহাঁ, কিয়নো এই বোৰতকৈও ডাঙ্গৰ বস্তু আচে। ঈশ্বৰ গচৰ মাজত আচিল, পানিৰ মাততো তেঁওৰ মাত আচিল, গচৰ চাঁতো তেঁওৰ হে সুললিত ধনিয়ে শব্দ কৰিচিল; তুমি এই বোৰত মন নিদিলানে?।

 ময় চন্দ্ৰক সোনৰ জুই কুৰা হেনহৈ গচৰ আৰত উঠা দেখিলোঁ। তৰা বোৰ এটা এটাকৈ আকাশত উঠিল এনেতে মেঘ বোৰ কলাহৈ দক্ষিণ লৈ বাগৰি গল। বিজুলি চমক মাৰিলে আরু নিলগত মেঘে গাজি মোৰ ওচৰলৈ আহিলত ভয়ানক শব্দ শুনিবৰ ত্ৰাস পালোঁ।

 বজ্ৰত বাজে আন একোতে তোমাৰ চিত্তে ভয় নেখালেনে? বিজুলিত আন একোৰে জিলিকনি নেদেখিলানে? আরু আন একোতে ভয় নাখালেনে?।

 হে জ্ঞানৰ পুত্ৰ পালটা, কিয়নো ইয়াতকৈও ডাঙ্গৰ বস্তু আচে। ঈশ্বৰ সেই ধূমুহাত আচিল, তুমি তেঁওক নেদেখিলানে? সকলো ঠাইতে তেঁওলৈ হে ভয়, আরু তোমাৰ