পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ADDRESS TO THE READER.

পাঠকৰ প্ৰতি নিবেদন।

 হে প্ৰিয় লৰা বিলাক, ভালেমান পুরুষাৰ্থ কৰি তোমালাকৰ উপকাৰৰ নিমিত্তে আমি এই পুথি প্ৰস্তুত কৰিলোঁ। তোমোলাকে বিদ্যা শিকি কেনেকৈ জ্ঞানী হবা তাত বাজে আমাৰ আন একো অভিপ্ৰায় নাই, এই হেতুকে তোমোলাকে এই পুস্তকত থকা কথা বিলাক ভালকৈ মন দি পঢ়িলে আমি হৰ্ষ পাম আৰু তোমোলাকৰো ভাল হব, কিন্তু যদি পুথিৰ পাত লুটিয়াই পেলাই থোৱা তেন্তে তাত কৈ আন একো কথাতে আমি অধিক বিষম নাপাম। পাঠাৰম্ভৰ আদিতে কেইটিমান উপদেশ দিওঁ অৱহেলা নকৰি গ্ৰহণ কৰিবা।

 তোমোৰ চিত্তে সৈতে সকলো সাধ্যেৰে বিদ্যা শিকিবলৈ পুরুষাৰ্থ কৰা।

 এই উপদেশ শুনি তোমোলাকে বিদ্যা শিকাৰ গুণ কি যদি সোধা তেন্তে কওঁ শুনা।