পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১০৮)

 গো। ময় তেনে কথা নকৰোঁ, মোৰ চোলাটো ডাঙ্গৰ হয় কিন্তু তোমাৰ টো তকৈ মোৰ টোৰ ভাল বৰণ এতেকে ময়তাক ৰাখিম।

 না। তুমি যদি ভাল কথাত নিদিয়া তেন্তে বলকৈ সলাম। তোমাৰ গালৈ মোৰ টো ভাল হব এতেকে সলালে দুইৰো ভাল হব।

 এই কথা কৈ সিহঁতে দুইও জোটা পোটি কৰিব ধৰিলে, এনে সময়তে চাইৰচ আহি দেখি সুধিলে বোলে লৰা হঁত কি হইচে? কি হৰ সলনি দন্দ কৰিচা হঁক।

 গো। মোৰ বল নাই দেখি ই মোৰ চোলা টো কাঢ়ি নিব খোজে।

 না। ময় আমাৰ দন্দ সুধিবলৈ চাই ৰচক মানিলোঁ তুমি তেঁওৰ সিদ্ধান্তত মানতি হবানে।

 গো। বারু হম।

 চা। কি কথা কোৱা তেহে তোমোলাকৰ দলৰ কথা ভু পাম।

 চা। মোৰ চোলাটো মোৰ গালৈ সরু কিন্তু তাৰটোও তাৰ গালৈ ডাঙ্গৰ প্ৰায় মাটিত পৰে এতেকে দুইও চোলা সলনি কৰিব খোজোঁ।

 চা। তেন্তে মোৰ এই সিদ্ধান্ত ডাঙ্গৰ টো লৰাই ডাঙ্গৰ টো চোলা আরু সরু টো লৰাই সরু টো নিব পাই।

 সিহঁত দুইও এই সিদ্ধান্ত পাই চোলা সলনি কৰিব