পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভূমিকা।


ণ্ডীয় ভাষা শিক্ষাৰ্থে বিদ্যালয় স্থাপন হৈচিল আরু উত্তৰ কাললৈ তাৰ সংখ্যা বৃদ্ধিও হল হঁতন, কিন্তু আমাৰ দেশৰ লোক সকলে বিদ্যাৰ প্ৰতি অতিশয় অনাদৰ প্ৰকাশ কৰাত সেই বিদ্যালয় বোৰ হ্ৰাস হৈ গৈচে, অৱশেষত, এতিয়া পূৰ্ব্বে যে সংস্কৃত ভাষা আচিল তাৰ ব্যৱহাৰো গুচিল আরু ইংগ্লণ্ডীয় ভাষাও ঘৃণ্য হল সুতৰাং বিদ্যা একে বেলিয়ে লোপ হবৰ উপক্ৰম হৈচে।

 সংস্কৃত ভাষা অতি সুকঠিন, সম্প্ৰতি এই দেশত যি ৰূপে অধ্যয়ন হয় সেই ৰূপে পঢ়িলে ব্যাকৰণাদি পাঠ্‌ কৰি ভাষাৰ বোধ হওঁতেই প্ৰায় চয় সাত বৎসৰাধিক কাল লাগে, তৎপৰে সেই ভাষাৰে লিখিত ন্যায় অলঙ্কাৰ আরু অন্যান্য ধৰ্ম আৰু নীতি শাস্ত্ৰাদিত যৎসামান্য ব্যুৎপত্তি ও বহুকালৰ শ্ৰম নহলে হব নোৱাৰে; কিন্তু এই দেশৰ লোকৰ সম্প্ৰতি বিদ্যাৰ প্ৰতি যি অনাদৰ তাৰ নিমিত্তে যে ইমান শ্ৰম কৰি সংস্কৃত শাস্ত্ৰ সকল অধ্যয়ন কৰিব সিও অসম্ভব। ইংগ্লণ্ডীয় ভাষাৰে লিখিত অনেক শাস্ত্ৰ আচে আরু এই ভাষাত নানা বিদ্যাৰ যিমান শাস্ত্ৰ সংস্কৃতত তিমান নাই। কিন্তু সি ভিন্ন দেশীয় ভাষা হেতুকে তাত প্ৰথমে বোধ হওঁতেই ভালেমান পুরুষাৰ্থ আরু কাল ব্যয় লাগে, পিচে তাৰ নানা শাস্ত্ৰ সকলত নিপুণ হোৱা এই দেশীয় লোকৰ ইদানিকৰ অলসতাৰ নিমিত্তে অসাধ্য। এই সকল প্ৰতিবন্ধক গুচাই বিদ্যা আরু জ্ঞানৰ কীৰণৰ দ্বাৰা অসম দেশ উত্ত লাম্বিত কৰিবৰ নিমিত্তে প্ৰধান২ বিদা সকল লোকসমুহৰ