পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১০৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৯৩)

 

“CHILDREN, OBEY YOUR PARENTS IN ALL THINGS."

“লৰাহঁত, সকলো কথাতে তোমোলাকৰ পিতৃ মাতৃক মান্য কৰা”।

 এই পৃথিবীত আমাৰ যি সকল মিত্ৰ আচে সকলোতকৈ পিতৃ মাতৃ মৰমিয়াল। ওমি উপজিবৰে পৰা সিবিলাকে তোমাৰ যি২ উপকাৰ কৰিচে আৰু আজিলৈকে কৰিব লাগিচে তাক তোমোলাকে কি জানি ভবাই নাই। এতেকে সিবিলাকৰ উপ্কা‌ৰৰ কথা অলপ কওঁ শুনা।

 যেতিয়া ওমি এই পৃথিবীত প্ৰথমে জন্ম ললা তেতিয়া ওমি গোটেই দুৰ্ব্বল আচিলা, সহায় নোহোৱাকৈ থিয় দিব বা আন একোকে কৰিব নোৱাৰিচিলা; কিন্তু তোমাৰ মাতৃয়ে ওৰে দিনটো তোমাক কোলাত লৈ ফুৰিচিল আরু ঘৰৰ আন বন কৰি ভাগৰিলেও তোমাক প্ৰতিপাল কৰিবলৈ তেঁওৰ কেতিয়াও ভাগৰ নেলাগিচিল আরু তোমাক কোলাত লৈ থাকোঁতে তেঁওৰ হাতৰ বিষ ধৰি- লেও কোলাৰ পৰা ন থইচিল। তেঁও বুকুত লৈ তোমাক খুৱাই চিল, আরু ৰাতি তেঁওৰ ভাগৰ ধৰি টোপনি আহি- লেও তুমি কান্দিলে নিচুকাইচিল আরু এই বোৰ দুখ সহিও তেঁও এফেৰিও বেজাৰ নাপাইচিল আরু তোমাক আদৰকৈ চুমা খাই তোমাক ডাঙ্গৰ কৰিবলৈ নানা দৰে প্ৰতিপাল কৰিছিল।