পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভূমিকা।


পত্তি হলেই পণ্ডিত হৈচোঁ হেন বুলি অধিককৈ অধ্যয়ন কৰাৰ পৰা পৰাঙ্মুখ হয়।

 প্ৰাজ্ঞ মহাশয় সকলে বিবেচনা কৰি চাওক, আমাৰ দেশৰ মনুষ্য সকলে বিদ্যাৰ প্ৰতি ইমান তাচ্ছিল্যতা প্ৰকাশ কৰি আপোনাৰ অহিত নি চিন্তিচে নে? আরু উত্তৰ কাললৈ বাঢ়ি, অহা সন্তান সকলৰ উন্নতি গুচুৱাৰ হেতু নহৈচে নে? গমি চাওক, বাল্যাবস্থাত যাৰ মন বিদ্যাৰ দীপ্তিৰ দ্বাৰা উজ্বল নহয় সি ডাঙ্গৰ হলে জ্ঞানী আৰু ধাৰ্ম্মিক কেনেকৈ হব? বিদ্যোপা ৰ্জ্জন ন কৰিলে প্ৰাজ্ঞ কেনেকৈ হব? আরু প্ৰাজ্ঞ নহলে পৰ মেশ্বৰক কেনেকৈ জানিব, আৰু তেঁওৰ বাট বা কেনেকৈ চিনিব? এতেকে সকলো পৰোপকাৰী আরু দেশ হিতৈষী মনুষ্যৰ এতদ্দেশত বৃদ্ধি হৈ অহা এই মহদ্দোষ দৃঢ়কৈ শিকা নৌ ধৰোঁতেই সমূলোৎপাটন কৰিবৰ উপায় চিন্তা কৰা সৰ্ব্বতোভাবে কৰ্ত্তব্য। এই দেশৰ নিকটবৰ্ত্তি যে বঙ্গ দেশ তন্নিবাসি লোক সকলৰ মধ্যতে এই ৰূপে বিদ্যাৰ আলোচনা হ্ৰাস হৈচিল, কিন্তু এতিয়া আমাৰ পৰম হিতৈষী শাসন কৰ্ত্তা সকলে বিদ্যাৰ প্ৰতি অতি উৎসাহ প্ৰদান কৰি বঙ্গ ভূমিত নানা বিদ্যালয় স্থাপন কৰি দেশীয় আৰু ইংগ্লণ্ডীয় ভাষাৰ দ্বাৰা বিদ্যা বিতৰণ কৰাত ভালেমান লোক সুশিক্ষিত আৰু পণ্ডিত হৈছে; আরু আমি ভৰষা কৰোঁ যে বঙ্গ দেশত কিচু কালৰ মধ্যত প্ৰায় সকলো ভদ্ৰ সন্তানেই পণ্ডিত হব। এই দেশতো প্ৰথমে স্থানে২ দেশীয় আরু ইংগ্ল