পৃষ্ঠা:অলকালৈ চিঠি.pdf/৯১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ড্ৰইং ৰুমত এৰি খন্তেকলৈ ভিতৰলৈ যায়, ম‍ই অৱঙ্গে সেই মুহূৰ্ত্ততে জাপি লাখুটি লৈ তাৰ পৰা ওলাই নাহোঁ। মই পেটৰ ভাৰ বাবে কাম কৰা মানুহ, ব্যৱসায়ৰ ৰীতি উপেক্ষা কৰিব নোৱাৰোঁ। মোৰ এজনী “পেছেণ্টৰ কথা কওঁ। ভদ্ৰমহিলা এগৰাকী। তেখেতৰ যে কি অসুখ মই ভাবিয়ে ভাগৰিছো। প্ৰথম দুই এটা কলত গিৰিয়েকে আগত থাকিয়ে অসুখ-বিসুখবোৰৰ কথা কৈছিল, পিছত আৰু গিৰিয়েক নাথাকে, তেখেতেই কয়। অসুখৰ বিবৰণ দিলে চিঠিৰ কলেবৰ বাঢ়িব, তোমাৰে৷ গা ধুই ভাত খাই কলেজলৈ যোৱাত পলম হব। ‘নিউটিক পেছেণ্ট'। কেতিয়া যে কি হয় ধৰিবকে নোৱাৰি। তেখেতৰ অনুৰোধ যে মই সদায় যাব লাগে, কথা বতৰা পাতিব লাগে, দুখ অনুভৱ কৰা ঠাইবোৰত হাত দি পৰীক্ষা কৰিব লাগে। মোৰ আমনি লাগি আহিছে। গিৰিয়েকজন বেছি টকা পোৱা বিষয়া, ঘৈণীয়েকে ঘৰত একো বনকাম নকৰে, সেয়ে এইবোৰ নৰিয়া হবলৈ পায়। সন্তান আগেয়ে তিনিটা হৈছিল, দুটা আছে,—এতিয়া বোধ হয় 'নিয়ন্ত্ৰণ'। বয়সিয়াল মহিলা, কবলৈকো টান পাইছো। তুমি লেডি ডাক্তৰ হোৱা হলে তেখেতৰ ভাৰ তোমাকে দিলো হয়। ডাক্তৰৰ দুৰ্ভাগ্যৰ এটা পৰিচয় দিলো। তেখেতৰ ল'ৰা-ছোৱালী এটাৰ শকত নৰিয়া হলেও কিজানি তেখেতক কৰ্ম্মী কৰিব পাৰিলো হয়, আৰু তেতিয়া দৰৱ জাতিৰ সহায় নোলোৱাকৈয়ে ভালৰ পিনে আগবাঢ়িলেহেঁতেন। ১৭