পৃষ্ঠা:অলকালৈ চিঠি.pdf/৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কিবাখন লিখোঁ। তোমাৰ চিঠিখন সঁচাকৈয়ে ধুনীয়া। শব্দবোৰ তুমি মুখেৰে কোৱাৰ নিচিনা ল-নি কৈয়ে হৈ ওলায়, শাৰী পাতি বহে, শান্ত হৈ কথা কয়, গোটেইখন চিঠি তোমাৰ মুখৰ দৰে প্ৰফুল্ল, অন্তৰৰ দৰে নিমজ, চকুযুৰিৰ দৰে লাজকুৰীয়া আৰু তোমাৰ অবয়ন্ত্ৰ দৰে লালিত্য-পূৰ্ণ। সামৰণিটো ও তোমাৰে নিচিনা আড়ম্বৰশূন্য। তোমালৈ অলপ ঈৰ্ষ্যা হয়। তোমাৰ পৰীক্ষাৰ পঢ়াৰ বাবে চিঠি লিখিবলৈ সময় নোপোৱা বুলি শুনি দুখ পালো। মোৰ আৰু পৰীক্ষাৰ সময়ত কিতাপ মেলি নবলৈকে সময় নাপাওঁ, তাত বাহিৰে আন সকলো কামৰ বাবে সময় পাওঁ। পৰীক্ষা বোধ হয় পৃথিবীৰ পৰা উঠি গলে ভাল আছিল, নে কি কোৱা? ম‍ই যি জানো, জানো, পৰীক্ষকক দেখুৱালেহে জনা হব নে? আমাৰ আত্মসম্মানত আঘাত পৰা কথা, নহয় জানো! এই হিচাপত ঋষিসকলৰ পাঠশালাবোৰ বহুত ভাল আছিল। তেতিয়া পৰীক্ষা পাছ নকৰাকৈয়ে তোমালোক লীলাৱতী, গাৰ্গী, মৈত্ৰেয়ী হল৷ হয় আৰু আমি চৰক, শুশ্ৰুত অথবা বাদৰায়ণ, যজ্ঞবল্ক্য আদি কোনোবা এজন হলো হয়। তেহিনো দিবস। গতা। কথাৰ ৰাগীতে ভালেমান কথা কলো। তুমি বিতুষ্ট নহবা। বিতুষ্ট হলেও মোৰ অলপ সাহ হৈ আহিছে। সন্মানেৰে। ইতি তোমাৰ— প্ৰকাশ