পৃষ্ঠা:অলকালৈ চিঠি.pdf/৮৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 30 ) ছিলঙ অলকা, তোমাৰ চিঠিখন আকৌ ঘুৰাই পঢ়িলো—নতুন আনন্দ লাভৰ আশাত। প্ৰথম উল্লাসত, বহুত কথা চকুত পৰা নাছিল, এতিয়াহে দেখিলো সেইবোৰ। তোমাৰ চিঠিত লুকাই থকা সৰু সৰু প্ৰশ্নবোৰ দেখি ভাল লাগে। ছিলঙৰ ছোৱালীবোৰ সম্পৰ্কে মোৰ কি ধাৰণা? তেওঁলোকৰ ভিতৰত কাৰবাক মোৰ বিশেষ ভাল লাগিছে নে? এই দুয়োটা প্ৰশ্ন একেলগে সামৰি লৈ উত্তৰ দিবলৈ চেষ্টা কৰা যাওক। Girls, as such, I do not like — ছোৱালী বুলিলেই ভাল পাম, এইটো মোৰ অভ্যাসৰ ভিতৰত নহয়। ম‍ই গছবোৰ ভাল পাওঁ। মই ফুলবোৰ ভাল পাওঁ গছত ফুলে বুলি। যদি সকলোবোৰ লতা আৰু সৰু সৰু ফুল হলহেঁতেন মোৰ নিশ্চয় আমনি লাগিল হয়। পাত, ফুল, ১০