পৃষ্ঠা:অলকালৈ চিঠি.pdf/৮৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

3 BOURINES তাতেহে মই দুখ পাইছো। তুমি কেনে ভাৱে আছা, কি ভাবিছা মোলৈ নিলিখা কিয়? ছোৱালীবোৰে কি ভাবে? আমেৰিকাৰ প্ৰেছিডেন্ট গাৰু ফিল্ডৰ জীৱনী — "From log Cabin to White House”ৰ নিচিনা কিতাপে তেওঁলোকক উদ্দীপনা যোগায় নে? বুকাৰ ওৱাছিংটনক তেওঁলোকে শ্ৰদ্ধা কৰে নে? “ডেভিড ক’পাৰফিল্ড * নিচিনা কিতাপ পঢ়ি তেওঁলোকৰ চকুলো পৰে নে? কাঙ্গাৰীৰ “গুৰুকুলৰ” বা আৰ্য্যকন্যা বিদ্যালয়ৰ নিচিনা শিক্ষা অনুষ্ঠানবোৰলৈ তেওঁলোকৰ শ্ৰদ্ধা হয় নে? বিশ্ব ভাৰতী সম্বন্ধে তেওঁলোকৰ কি ধাৰণা? আমাৰ ছোৱালীবোৰে কি বিচাৰে – কাউন্সিলত ছিট, বিচাৰালয়ত বিচাৰকৰ আসন, মিউনিচিপালিটিত নেত্ৰীত্ব, ৰাজহুৱা সভাত সভানেত্ৰীৰ পদ নে আৰু কিবা? তোমাৰ ভাল লাগিলেহে এইবোৰ প্ৰশ্নৰ উত্তৰ দিবা, নহলে নালাগে। তোমাৰ স্বাস্থ্য ভালে থকা শুনি সন্তোষ পালো। ছিলঙত বৰষুণ ভালকৈয়ে আৰম্ভ হৈছে। পৰ্ব্বতবোৰ দেখিবলৈ ধুনীয়া হৈছে। পাইন মাৰু উইলো গছবোৰে৷ ভাল লগা হৈছে। ইতি ৮১ তোমাৰ— প্ৰকাশ