পৃষ্ঠা:অলকালৈ চিঠি.pdf/৮১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশ্বাস ভালেখিনি উদ্যম গুণ৷ গঁথাতে বায়ু হৈ উৰি যায়। তোমালোকৰ কৰি ভাষাত কওঁ,— হৃদয় তন্ত্ৰীত প্ৰথম যিটো আঘাত পোৱা, তাক তেনে ভাৱে ব্যক্ত নকৰিবা, ভাত সুৰ দিবা, লয় দিবা, তেহে সি মধুৰ সঙ্গীত হব, তুমি কলাবিদ বা আৰ্টিষ্ট নাম পাবা। কিন্তু ইয়াৰ মাজতে যে তুমি কিমানখিনি হেৰুৱালা – তোমালোকৰ আৰ্টিষ্টবোৰে এই মিতব্যয়িতাখিনিলৈ নাচায়। কিন্তু পাগলবোৰ ইয়াৰ পৰা মুক্ত। সিহঁতৰ মুখত যিয়ে আহে, মনত যিয়ে খেলে তাকে কব পাৰে, conventionalityৰ আলান্ধুলগা দুৱাৰ মুখেৰে সিহঁত ওলাব নালাগে। সিহঁতে যি বোকাপানী মূৰত লৈ বাটত ওলায় বহুত সময়ত আমাৰ নিৰ্ম্মালিকৈ লোৱা তুলসী আৰু দুবৰিতকৈ পৰিষ্কাৰ নহয় নে? যাওক, বলিয়াৰ কথাই তোমাক আমোদ নিদিব পাৰে। এটা কথা। মানুহবোৰে কথা পতা তুমি লক্ষ্য কৰিছা নে? কৰিবাচোন। ইমান অনাৱশ্যক কথা কয়, একো একোজন মানুহে। প্ৰায়বোৰ মানুহে যিমান কথা কয় তাৰ দহভাগৰ এভাগেৰে তেওঁলোক চলিব পাৰে বুলি মোৰ বিশ্বাস হয়। তোমাক দুই এটা উদাহৰণ দিওঁ। এজন ভদ্ৰলোক মোৰ তালৈ আহিল, বহিল, চুৰট ধপাত খালে। মোৰ প্ৰেক্‌টিছ ভাল হোৱা বুলিয়ে বাতৰি দিলে। মোৰ কোন পেছেণ্টে কেনেকৈ শলাগিলে তাকে অলপ কলে,—বোধ হয় কাল্পনিক। তাতো যদি মই একো জবাব নিদিওঁ— তেওঁৰ ওচৰ চুবুৰীয়াৰ দুই এঘৰত গিৰিয়েক ঘৈণীয়েকৰ কোঢ়ানৰে অলপ আভাস দিলে, — নহলে অমুকৰ ঘৰৰ ছোৱালীবোৰৰ ওপৰত কেনেকৈ অভিভাৱকে চকু নাৰাখে তাৰেই 19