পৃষ্ঠা:অলকালৈ চিঠি.pdf/৮০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 28 ) ছিলঙ অলকা, তোমালৈ চিঠি লিখিবলৈ ওলাই মনটো ঠিককে কৰিব পৰা নাই। “এত গীত আছে, এত গান আছে, গাহিতে পাৰি” নে কি লিখিছিল ৰবি ঠাকুৰে? তেওঁৰ “শেষেৰ কবিতাৰ” নাটকীয় ঘটনাৰ স্থান ছিলঙখন কৰাত মোৰ কেতিয়াবা বহুত কথা গোলমাল হৈ যায়। লিখক সকলে আমাৰ বহুত খিনি মৌলিকতা নষ্ট কৰি দিছে। আজি ভাবিছো, চিঠি নিলিখাকৈয়ে তোমাক মোৰ মনৰ ভাব ব্যক্ত কৰিম। বহুতে ভাবিব অসম্ভৱ – আমি জানে৷ সেইটো সম্পূৰ্ণ সম্ভৱ আৰু ৰসাল। কিন্তু মোৰ যে উল্লাস সেইটো প্ৰকাশ কৰোঁ কেনেকৈ? লিখিবই লাগিব। ম‍ই কি লিখোঁ তালৈ নহয় কাণ নিদিবা। গৰুৰ পোৱালি- বোৰ লৰি জঁ পিয়াই ফুৰা দেখিছা নহয়, — সি যেতিয়া দৌৰে, নিশ্চয় “ৰেছ” নিদিয়ে, কিন্তু তাৰ স্বাস্থ্য আৰু প্ৰফুল্লতা দেখুৱায়। - - তুমি কেতিয়াবা বলিয়া হোৱাৰ কথা ভাবিছা নে? মোৰ বিশ্বাস সেইটো pleasant, আৰামপ্ৰদ। সদায় জুখিমাখি কথা কথা, ঠিক হিচাপ লগাই কামটো কৰিবা, যাৰ লগত যেনে ব্যৱহাৰ খাপ খায় ধীৰে সুস্থিৰে সেইটো স্থিৰ কৰি তেনে ৰকমে আচৰণ কৰিবা, মোৰ ৮৬