পৃষ্ঠা:অলকালৈ চিঠি.pdf/৭৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধাৰণতে ভাল। ইয়াৰ অধিবাসীসকল, বিশেষকৈ তিৰোতাবোৰ কষ্ট সহিষ্ণু আৰু পৰিশ্ৰমী। বিলাস আৱৰ্ত্তলৈ ঢাল খোৱা সকল চেহেৰাত দেখনিয়াৰ আৰু সাজপাৰত পৰিষ্কাৰ। তুমি স্বভাৱতে ভাবিব পাৰা, ম‍ই কি প্ৰেকৃটিছ কৰিছো? প্ৰেক্‌টিছ বেয়া নহয়। নৰিয়া-পাৰি অলপ আছে, টকা পইছা দিয়াত মানুহে বেছি দিগ নিদিয়ে। মোৰ জীৱিকা সংক্ৰান্ত আৰ্থিক উপাৰ্জ্জন থিনি নিজৰ বাবে ৰাখিছো, বাহিৰা যি সঞ্চয় কৰিছে৷ তাৰেহে তোমাক ভাগ দিছে৷। তুমি তোমাৰ জ্ঞানৰ ভাগ মোক দিবা জানো? কৰবাত এজুপি গছৰ তলত বহি দুয়ো যদি আকাশলৈ চাওঁ আৰু যদি তুমি শিকিব ধৰা কথাবোৰ মোক লাহে লাহে কৈ যোৱা, মোৰ পঢ়া নাথাকিলেও মই কিজানি বুজিম। সোনকাল চিঠি দিয়া যেন। ইতি be যাওক,—কল্পনা কল্পনাই। তোমাৰ— প্ৰকাশ