পৃষ্ঠা:অলকালৈ চিঠি.pdf/৭৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেঁতেন। ছিলঙৰ বাটত যদি হঠাৎ তোমাক বৰষুণে পায় বুলি ভাবা যাৰে ড্ৰইংকম ওচৰতে পোৱা তালৈকে সোমাই যাবা। ইয়াৰ মামুহবোৰ ভদ্ৰ, সকলোৱে তোমাক সমাদৰ কৰিব। তুমি হয় তেওঁ- লোক্ৰ গালিচা, চোফা আৰু পদাবোৰলৈ চাই প্ৰশংসা কৰিবা, আৰু যদি তাতকৈ অলপ কম যোত্ৰবান হয় তেনেহলে দেৱালত থকা বেজীবে তোলা লাৰুৱা কৃষ্ণৰ মূৰ্ত্তি বা বিচিত্ৰ উপৰ ম'ৰা চৰাইটোকে প্ৰশংসা কৰিবা, যদি তাকো নোপোৱা তেওঁলোকৰ ফটো অথবা ল'ৰা-ছোৱালীৰ পাছ-চাৰ্টিফিকেট বেৰত আৰি থোৱা থাকিলে তাৰে বিষয় দুষাৰ কথা পাতিবা। যদি ঘৰৰ আগত ফুলনি দেখা তুমি দুই চাৰিটা ইংৰাজী ফুলৰ নাম কব পাৰা যেনে মেগনোলিয়া, ছালিয়া, কেকটাছ, মেৰিগোল্ড ইত্যাদি। যদি কুকুৰ বান্ধি থোৱা দেখা—এলছেছিয়ান, স্পেনিয়েল, ফক্স, টেৰিয়াৰ আদি দুই এটা কুকুৰৰ জাতিচক শব্দ প্ৰয়োগ কৰি তোমাৰ বিদ্যাৰ পৰিচয় দিবা আৰু যদি অকল ঘৈণীজনাক হে পোৱা—দুই চাৰিখন বঙ্গালী চিনেমাৰ নাম কৈয়ো বৰষুণ এৰালৈকে নিৰ্বিকাৰ ভাবে অপেক্ষা কৰিব পাৰা আৰু যদি অগত্যা তেখেতৰ বিশেষ প্ৰীতিভাজন হব খোজা, ওচৰ চুবুৰীয়া দুগৰাকী মাহিলা কেনে অকৰ্ম্ম। আৰু গাৱঁ লীয়া মেজাজৰ তাকে কবা, চাহৰ লগতে “ডায়েৰিৰ মিঠাই”ও পাবা, নহলে ঘৰত কৰা “কেক”তে৷ পাবাই। ফ্লেটাৰীক এনে ভাল ক্ষেত্ৰ দ্বিতীয় এখন আছে বুলি মই নাজানোঁ। ইয়াৰ গধূলি ভ্ৰমণটো সাধাৰণৰে প্ৰিয়। খৰচ কৰিবলৈ সৰহীয়াকৈ টকা থাকিলে মটৰ গাড়ী আৰু ক্লাব। ল'ৰা-ছোৱালীবোৰৰ স্বাস্থ্য +8