পৃষ্ঠা:অলকালৈ চিঠি.pdf/৭৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 29 ) ছিলঙ অলকা, মই তোমাৰ চিঠিখনৰ সম্পূৰ্ণকৈ ৰসাস্বাদন কৰিছে৷ আৰু অতি- আনন্দ পাইছো তোমাৰ এই মন্তব্যত যে মই একোৰে লগত seriously. in love পৰা নাই। তোমালোকৰ বয়সত পঢ়া কিবাচোন এটা কবিতা মনত পৰে — Whatever stirs this mortal frame, All are but ministers of love and feed its sacred flame. মই আন কিহবাৰ লগত গাঢ় প্ৰণয় পাশত আবদ্ধ হওঁ বা নহওঁ, ছিলঙ নগৰখনৰ লগত মোৰ এই সম্বন্ধ হোৱা বুলি কলে তুমি অবিশ্বাস নকৰিবা। তোমালৈ আগতে লিখিছে৷ যে চহৰখন ধুনীয়া, অকল ধুনীয়াই নহয় বৈচিত্ৰ্যময়। ৰাতিপুৱা ৰ'দ ওলোৱাৰ আগতে ওলালেও সৌন্দৰ্য পাবা, ৰ'দ উঠি অহাৰ লগে লগেও এটা নতুন প্ৰাণৰ আকৰ্ষণ উপভোগ কৰিবা, বেলি যেতিয়া মূৰৰ ওপৰত তেতিয়াও এটা স্থিৰ শাস্ত উন্মাদনা অনুভৱ কৰিবা আৰু আবেলি বেলি পৰাৰ লগে লগে কেৰাণী বা মহীজীৱীসকল যেতিয়া ব্যস্তখোজত ঘৰমুৱা হব, তেতিয়াও