পৃষ্ঠা:অলকালৈ চিঠি.pdf/৭৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চাপৰ,—তথানুপাতে তেখেতসকলৰ গৃহিণীবোৰৰ মেজাজও। ইয়াত মানুহৰ আধিভৌতিক বা অনৈঃসৰ্গিক শক্তিত বিশ্বাস বেছি। ডাক্তৰি প্ৰেছক্ৰিপছনতকৈ সপোনত পোৱা দৰৱ বা মাদুলিৰ ইয়াত প্ৰভাৱ বেছি। হাতত যিমান টকা থাকে তাতকৈ মানুহবোৰে বেছি খৰচ কৰিবলৈ ভাল পায়—যদি অৱশ্যে তেওঁক ডাঙৰ মানুহ বোলা। এওঁলোকৰ বিষয়ে বাকী মন্তব্য পিছত। আজিয়ে সকলোখিনি কনে তুমি ৰচনা লিখা বুলি ধৰি লবা। চমুকৈ কবলৈ গলে ইয়াত সৌন্দৰ্য- আছে, সুঘ্ৰাণ নাপাওঁ। তুমি কেনে আছা? আৰু তোমাৰ লগৰ বাকীবোৰ? ইয়াৰ বতাহখিনি চেঁচা। অতি প্ৰলোভন হয়—এঠাইত এচুকুত বহি যেন কথা পাতি থাকিবা,—সেই কথাৰ আগো নাই, গুৰিও নাই, ‘অনাদি, অনন্ত'!–স্নেহ। ইতি to তোমাৰ— প্ৰকাশ