পৃষ্ঠা:অলকালৈ চিঠি.pdf/৭৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধন্যবাদ বাকী পৰি আছে,–তোমাক নহয় নিদিলো, কিন্তু তোমাৰ বান্ধৱীবোৰক ভাৰ পৰা বঞ্চিত কৰা অন্যায় হব। সেয়ে তোমালোকলৈ মোৰ আন্তৰিক ধন্যবাদ নিবেদন কৰিলো। তোমাক অকলে লগ পোৱা হলে কিজানি ভাল পালো হয়, – কিজানি টান পালো হয়। যি হয় সেয়ে ভাল, নহয় জানো? - মই ইয়ালৈ আহি আকৌ ডাক্তৰী আৰম্ভ কৰিছো। প্ৰাইভেট প্ৰেক্‌টিছ। কামটো বেয়া লগা নাই। বৰ মুকলিমূৰীয়া যেন লাগিছে। বিৰাট আহৰি। ইমানখিনি আহৰিৰ সময় কিহেৰে পূৰাওঁ একোবাৰ ভাবোঁ, কিন্তু তাতে বুলি মন খালি হৈ থকা নাই, সি নিজে বহুত বিষয় বস্তু আহৰণ কৰে। প্ৰিয় বস্তুবোৰক ৰেছি পাগুলিবলৈ আগ্ৰহ কৰে। ম‍ই কিন্তু ন ন বিষয়ত চকু দিবলৈ আগ্ৰহ কৰিছো,—যদিও মনে কেতিয়াবা বিদ্ৰোহ কৰিব খোজে। শদিয়াত নিজৰ ভিতৰতে ভালেখিনি আবদ্ধ থকা যেন পাইছিলো, ইয়াত সবাহলৈ অহা মানুহৰ দৰে ওপৰে ওপৰে দৃশ্য চাই ইপিনে সিপিনে বগাবলৈ মন কৰিছো। ছিলঙত ঋতু অঋতু নাই, সকলো সময়তে ফুল ফুলে। ঋষি মুনিৰ আশ্ৰম নহয়, তথাপি নিস্তব্ধতা আছে। নিজান গিৰি গুহা নহয়, তথাপি নিজৰাৰ কলধ্বনি শুনিবলৈ পোৱা যায়। ডেকা ডেকেৰীৰ মূৰৰ চুলি ইহুদী তৈল—চিক্কণ নহয় যদিও মুখত পমেটম আৰু চুলিত হেজেলিনৰ আমোলমোলোৱা গোন্ধ পোৱা যায়। প্ৰসাধনত শেঁতা মুখো ধুনীয়া হৈ উঠে। ঠাইখিনি ওখ চাপৰ, ৰাজকৰ্ম্মচাৰীবোৰে৷ ওখ १