পৃষ্ঠা:অলকালৈ চিঠি.pdf/৭২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 2 ) ছিলঙ, মখাৰ অলকা, ছিলঙখন ধুনীয়া ঠাই। ইয়াৰ গছবোৰ নতুন ধৰণৰ। মানুহবোৰো ঠিক একে নহয়। ইয়াৰ স্থানীয় মানুহবোৰৰ ভাষা মই নাজানো, এইটো এটা বেজাৰৰ কথা৷ তেওঁলোকৰ কৰ্ম্মঠ অভ্যাস আৰু সহজ আচৰণ দেখি ভাল লাগে, কিন্তু ভাষা নজনাৰ বাবে ভিতৰলৈ সোমাব নোৱাৰিম যেন পাইছো। উৎখাৰবোৰৰ (ভৈয়ামৰ মানুহক ইয়াত উত্থাৰ বোলে ) ধৰণ পৰণ ভিমান বেলেগ নহয়, হাস্যোদ্দীপক। ময়ো কিজানি ইয়াত হাঁহিবলৈ সুযোগ পাম। তোমাক হহুৱাব পাৰিলে অৱশ্যে তাতকৈ ভাল পাম। ভোমলোকে সাহিত্যিক ধৰণে যদিও চকুলোৰ গুণ গান কৰা – - "Sweetest songs are those That tell of saddest thought” যদিও তোমালোকে হেলাৰঙে বোলা, — হাঁহিৰ মূখ্য আজি মোৰ মনত ভালেখিনি বেছি। তোমালোকে সিদিনাখন ষ্টেচনলৈ অহাৰ কাৰণে 96-