( 28 ) গদিয়া অলকা, মই কেতিয়াবা ভাবোঁ মুহূৰ্তে মুহূৰ্ত্তে মোৰ মনটোৱে মেঘৰ দৰে এনেকৈ বৰণ সলায় কিয়? আজি এটা ক্ষণত তোমালৈ যি কম, দ্বিতীয় ক্ষণত যেন সম্পূৰ্ণ কিবা এটা নতুন কম, এনে যেন লাগে কিয়? মই প্ৰতি মুহূৰ্ত্ততে পৰিৱৰ্ত্তন হব ধৰিছো, নে মই একো হোৱাই নাই, – কেৱল যেনে কাচৰ মাজেদি চাওঁ তেনে দেখোঁ? যাওক, সিদ্ধান্ত যদি হয় পিছত হব। অকলশৰীয়া মানুহৰ মনলৈ অলপ পুতৌৰে চাবা। তোমাৰ চিঠিখন বিতোপন যেন লাগিছে। তুমি ভাবিছা, মই বোধ হয় টান মাৰি শিল হৈ গৈছো। মোক জগতৰ লগতে মমতা ৰহিত হোৱা বুলি অনুমান কৰিছা? একোবাৰ ধাৰণা হয় এইবোৰ মোৰ একোটা ভেম। যদি তুমি স্নেহেৰে ভণ্ডামি বুলিব নোখোজা, কোৱা অম। অসম্ভৱ, অসমৰ্থতাই যেন মোৰ আভৰণ হৈ পৰিছে। শৰ্ম্মালৈ যেতিয়া চাওঁ, তেখেতৰ প্ৰত্যেক কামৰ মাজেদি কেনে এটা পৌৰুষ, কেনে এটা ন্যায়নিষ্ঠ সজীৱ নিৰ্ভীকতাই ভুমুকি মাৰে আৰু মই —an eternal apprentice, a novice! মই সময়বোৰ কেনেকৈ কটাওঁ, সুধিছা। সামান্য কাম কৰোঁ, বেছিখিনি সময়ে ভাবোঁ। এবাৰ যদি তুমি নিজক অক্কতকাৰ্য্য বুলি १৫
পৃষ্ঠা:অলকালৈ চিঠি.pdf/৬৯
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/a/a1/%E0%A6%85%E0%A6%B2%E0%A6%95%E0%A6%BE%E0%A6%B2%E0%A7%88_%E0%A6%9A%E0%A6%BF%E0%A6%A0%E0%A6%BF.pdf/page69-1024px-%E0%A6%85%E0%A6%B2%E0%A6%95%E0%A6%BE%E0%A6%B2%E0%A7%88_%E0%A6%9A%E0%A6%BF%E0%A6%A0%E0%A6%BF.pdf.jpg)