পৃষ্ঠা:অলকালৈ চিঠি.pdf/৬৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

CA BORN S ইয়ালৈ আহি হঠাৎ এজন ভদ্ৰলোকক লগ পালোঁ— বয়সস্থ ভদ্ৰলোক। তেখেতে হেনে৷ আগেয়ে ভালকৈ গাব পাৰিছিল, এতিয়া অকল বজায় হে। সকলোৰকম যন্ত্ৰতে নিখুঁত হাত তেখেতৰ ঘৰলৈ আহি বহুত মানুহে বাছা শুনে, বজোৱা হলেই তেখেত ভিতৰলৈ যায়, আৰু মানুহবোৰ উঠি যায়। তামোল-চালি বা ধপাত চেলেউ কাকো দিবলৈ নাই, আনকি মাত এষাৰো কাকো নিদিয়ে। তথাপি যানুহবোৰ সন্তুষ্ট হৈ উঠি যায়। মোৰ খং উঠিল—এনে intellectual aristocracy! আৰু এই মানুহবোৰেই বা কি অলপতে সন্তুষ্ট হোৱা বিধৰ? বাজনা অৱশ্যে অতি সুন্দৰকৈ বজায়, মুখেৰে নামাতিলেও বাজনাই সন্তুষ্ট কৰে সেইটো ময়ো উপলব্ধি কৰিলো। কিন্তু কথা নকব কিয়? এদিন বাজনা শুনি মানুহবোৰ উঠি গল, মই বহি থাকিলো। ভদ্ৰলোকজনে মোক বহি থকা দেখি অলপো আচৰিত হোৱা যেন নালাগিল, একো বিৰক্তি প্ৰকাশ নকৰিলে—অতি সহজ ভাবেই মোৰ লগত কথা পাতিলে। কিছুপৰ কথা পাতি সিদিনালৈ উঠিলো। তাৰ পিছৰ দিনাখনো বা শুনি মানুহবোৰ যোৱাৰ পিছত ৰলো আৰু তেখেতৰ লগত কথা পাতিলো। ক্ৰমে নিতৌ কথা পতা হলো। পশুৰাম কুণ্ডলৈ যোৱাৰ অভিপ্ৰায় তেখেতৰ আগত এতিয়ালৈকে তুলিবলৈকে সাহ কৰা নাই। কথা পতাৰ এনে মাদকতা, এনে সৌন্দৰ্য্য আৰু এনে উৎকৰ্ষ বোধ ইয়াৰ আগতে কৰা নাছিলো। কিবা বিষয় বিশেষৰ আলোচনাত আমি মুগ্ধ বা বিব্ৰত থকা নাই,—মানুহে যে নিজৰ প্ৰাণটো হাততলৈ অৰ্থাৎ প্ৰায় গোটেইটো