পৃষ্ঠা:অলকালৈ চিঠি.pdf/৬২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 22 ) শদিয়া অলকা, মই ইয়াত কি কৰিছে৷ জানিব খুজিছা? বিশেষ একো কৰা নাই। পেটৰ ভাত কেইটাৰ এটা দিহা কৰিছো, সিও ডাক্তৰী কৰি নহয়। তুমি চাগৈ অলপ আচৰিত হবা আৰু ভাবিবা, ম‍ই ইয়াত বাহিৰে আন কি কাম কৰিব পাৰে।। তোমাৰ মাৰা আৰু দেউতাৰাই মোক তোমালোকৰ তালৈ ঘূৰি যাবলৈ ইচ্ছা প্ৰকাশ কৰাত মই নথৈ আনন্দ পাইছে৷ আৰু তোমাৰ জৰিয়তে তেখেতসকললৈ মোৰ কৃতজ্ঞতা জনাইছো। তেখেতসকলে কোৱাৰ নিচিনাকৈ বা তুমি লিখাৰ নিচিনাকৈ তোমালোকৰ তেনে উপকাৰ মই একো কৰি দিয়া নাই। এইটো তোমালোকৰ সৌজন্য। তুমি পৰীক্ষা ভালকৈ দিয়া বুলি শুনি ৰং পালোঁ। পৰীক্ষা দি আহি ঘৰত নিশ্চয় মুকলিমূৰীয়া হৈ আনন্দতে দিন কটাইছা। তোমাৰ ভাইটিৰ পঢ়া শুনাত ৰাপ কেনে? দেউতাৰা এতিয়া নিশ্চয় সম্পূৰ্ণ সুস্থ হৈছে। তোমাৰ মাৰাৰ মৰম বহুত দিনলৈ মোৰ মনত থাকিব। ক্ষিতীনহঁতৰ লগত কথা বতৰা আৰু কিবা আগবাঢ়িল নে? তুমি যিটো বিষয়ৰ আভাস দিছিলা? মিছা, কবানে সেইটো কথা মিছা? ( মোক নিজক শুধৰাবলৈ টান পাইছে৷ )। মই কি কৰিছো তোমাক কোৱা যাওক। জীৱনৰ ভবিষ্যতৰ চাকনিখন ইমান ডাঠ বুলি ম‍ই কেতিয়াও জনা নাছিলো। মই