পৃষ্ঠা:অলকালৈ চিঠি.pdf/৬১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অলকা, ( 21 ) Nanda Mohan Talukdar P. O. Sorbhog Dated..228. 1..2%......... Kamrap Barnagar HI. E. School + মই চাকৰি এৰি দিয়া কথা তোমাক জনোৱা নহল। চাকৰি এৰি দিয়া সম্পৰ্কে বৰকৈ ভাবিব লগীয়া হৈছিল। যো ধ্ৰুবানি পৰিত্যজ্য অধ্ৰুবানি নিসেবতে— সেই সকলক গালি পৰাকৈ হিতোপদেশত কিবা পঢ়িছিলো। ময়ো এই চিন্তাত পৰি ভাত-পানী নেৰিলেও অনিশ্চিততাৰ মাজেৰে কেইটামান দিন ধলংপলংকৈ কটালো। কাম কৰি বেয়া লগা নাছিল কিন্তু আপোন ইচ্ছাৰে কৰিব নোৱাৰি মোৰ মনত এই টোহে দুখ আছিল, তদুপৰি ওপৰাৱালাক লাগে সদায় আয়ততে বেছি কাম, গুৰুত্বত বা গুণাগুণত নহয়। এই কথাষাৰ মোৰ মন আৰু আদৰ্শৰ লগত নিমিলে। পাৰিশ্ৰমিক হিচাপে যি টকা পোৱা যায় পৰাধীনতা আৰু নিৰানন্দৰ ক্ষতিপূৰণ হিচাপে সি কম। ডাক্তৰী কৰি বাহিৰত পইছা ঘটা বৰ সহজ নহয় বুলি জ্ঞানী আৰু প্ৰৱীণ চিকিৎসক- ৬৫