পৃষ্ঠা:অলকালৈ চিঠি.pdf/৬০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আৱশ্যক নাই বুলি কৈছো৷ হাওফাও মই এতিয়া প্ৰায় পৰিষ্কাৰ হৈ অহা দেখিছো,—আশা কৰোঁ দুই চাৰি দিনতে তেখেতে গা টঙ্গাই উঠিব। বাগিছাৰ ডাক্তৰেই চাইছে, চিভিল ছাৰ্জনকো এদিন “কল” দিছিল,–দেউতাৰা সবল নহয় মানে মই নিজে এবাৰকৈ তোমালোকৰ ভালৈ যাম বুলি মাৰাক কথা দিছো। তুমি একো চিন্তা নকৰিবা, – মোৰ ধাৰণাত, এতিয়া একো বিপদৰ সম্ভাৱনা নাই। অকস্মাৎ যদি কিবা আশঙ্কাৰ কাৰণ হয় তোমাক জনাম। মনৰ এনে অৱস্থাত পঢ়া শুনা কৰা যে টান ম‍ই বুজোঁ। দেউতাৰাৰ স্বাস্থ্য সম্বন্ধে মই নিৰ্ভয় দিছো,— তুমি পঢ়া শুনা কৰা। ঘৰত আন সকলোটি ভালে আছে। তোমালোকৰ মোৰ ফুলনিৰ সৌন্দৰ্য এতিয়া কমি আহিছে। বাঁহ-পাতবোৰ অৱশ্যে নতুনকৈ গজালি দি উঠিছে। হাবিবোৰেও অলপ লাই পোৱা যেন হৈছে। ভালে আছো। ইতি তোমাৰ-- প্ৰকাশ